চফ্ৰাইত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষকক বিদায় সম্বৰ্ধনা
চৰাইদেউ জিলাৰ সোণাৰি শিক্ষা খণ্ডৰ অধীনস্থ নাগপুৰীয়া বস্তি প্ৰাথমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক পুতুল চন্দ্ৰ দাসক স্থানীয় ৰাইজে এক শোকাকুল পৰিৱেশেৰে ৰাহুৱা বিদায় সম্বৰ্ধনা জনায়। বিদ্যালয় খনিত পৰিচালনা সমিতিৰ সভাপতি টেগ বাহাদুৰ নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত বিদায় সভাখনিত সদ্য বিদায়ী শিক্ষক গৰাকীক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অভিভাৱক, পৰিচালনা সমিতি, স্থানীয় মহিলা সমিতি আদিকে বহুজনে গামোছা পিন্ধাই, আৰ্শীবাদ লৈ বিদায় সম্বৰ্ধনা জনায়। নিজৰ বক্তব্যত বিদায়ী শিক্ষক গৰাকীয়ে কান্দোনত ভাগি পৰে। উল্লেখযোগ্য যে এটা অতি পিছপৰা অঞ্চলত এখনি বিদ্যালয় প্ৰতিষ্ঠা কৰি অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱাটো নিজৰ জীৱনৰ লক্ষ্য হিচাপে লোৱা শিক্ষক গৰাকীৰ চাকৰি জীৱনৰ বিয়লী বেলাত অঞ্চলটোৰ সকলো ৰাইজৰে চকু সেমেকি উঠে।