দৰং জিলাত বিপদ শিশুৰ যতন আৰু সুৰক্ষাৰ ক্ষেত্ৰখনলৈ সুখবৰ কঢ়িয়াই আনিছে বেচৰকাৰী সংস্থা ক্ৰিষ্টেল ভিজনৰ দ্বাৰা পৰিচালিত চৰকাৰী স্বীকৃত শিশু গৃহ ' আই ' ত কৰ্মৰত নিষ্ঠাবান কৰ্মচাৰীৰ সেৱা আৰু পৰিচালনা সমিতিৰ দায়বদ্ধতাই। চৰকাৰী অনুজ্ঞাপত্ৰ ধাৰী জিলাখনৰ একমাত্ৰ 'বিশেষ দত্তক গ্ৰহণ কেন্দ্ৰ' হিচাপে বিগত চাৰি বছৰে কাৰ্যনিৰ্বাহ কৰা এই শিশুগৃহৰ ধাই মাতৃলৈ তেওঁলোকে দেখুওৱা মাতৃসুলভ উৎকৃষ্ট সেৱাৰ স্বীকৃতি স্বৰূপে ৰাজ্যিক দত্তক গ্ৰহণ কৰ্তৃপক্ষ চমুকৈ 'চাৰা' অসমৰ তৰফৰ পৰা বিশেষ প্ৰশংসাসূচক উপহাৰ আগবঢ়োৱা হৈছে। 'চাৰা' ৰ দ্বাৰা যোৱা শুকুৰবাৰে গুৱাহাটীৰ 'নেডফি' হাউচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত পিতৃ মাতৃ আৰু প্ৰস্তাবিত পিতৃ মাতৃৰ এক ৰাজ্যিক অভিবৰ্তনত মঙলদৈৰ শিশুগৃহৰ দুই কৰ্মচাৰীৰ লগতে ৰাজ্যৰ আঠটা তেনে শিশু গৃহৰ মুঠ চৌবিশ গৰাকী ধাই মাতৃ আৰু নাৰ্ছ উচ্চ প্ৰশংসিত হোৱাৰ লগতে তেওঁলোকক উপহাৰেৰে পুৰস্কৃত কৰা হয় । মঙলদৈ শিশু গৃহ 'আই' ৰ পৰিচালন কৰ্তৃপক্ষৰ হৈ অনুষ্ঠানত উপস্থিত থাকি এই পুৰস্কাৰ গ্ৰহণ কৰে বিষয়ববীয়া মনমোহন ডেকাই। অনাথ , পৰিত্যক্ত আৰু অৱহেলিত ছয় বছৰ বয়সতকৈ তলৰ শিশুৰ আশ্ৰয় আৰু দত্তক গ্ৰহণ কেন্দ্ৰ 'আই' ৰ এই সাফল্য সন্দৰ্ভত বিষয়ববীয়া মনমোহন ডেকাই কয় যে শিশুগৃহৰ আটাইকেইগৰাকী ধাতৃ মা বা কৰ্মচাৰী সকল শিশুৰ যতনৰ ক্ষেত্ৰত সমানে দায়বদ্ধ যদিও ইয়াৰে দুগৰাকীৰ বাবে এই পুৰস্কাৰ আগবঢ়োৱা হৈছে। এই সময়োচিত ৰাজহুৱা স্বীকৃতিয়ে শিশুগৃহৰ সকলো কৰ্মচাৰী আৰু পৰিচালন কৰ্তৃপক্ষক যথেষ্ট উৎসাহিত কৰা বুলি তেওঁ প্ৰতিক্ৰিয়া ব্যক্ত কৰে । বিষয়ববীয়া ডেকাই লগতে জনোৱা মতে ২০১৮ চনৰ পৰা শিশু অনুষ্ঠানটোৰ ছয়টি নৱজাতক শিশুৰ অসমকে ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যলৈ আৰু এটা শিশু বিদেশলৈ আইনগতভাবে দত্তক গ্ৰহণ ইতিমধ্যে সম্পন্ন হৈছে। আন তিনিটি শিশুৰ দত্তক গ্ৰহণ প্ৰক্ৰিয়া বৰ্তমান অব্যাহত আছে আৰু দুটি দিব্যাংগ শিশুৰ লগতে মুঠ পাঁচটি শিশুক বৰ্তমান যত্ন আৰু সুৰক্ষা প্ৰদান কৰি থকা হৈছে । খবৰটো শিশু জিলা উপায়ুক্ত তথা জিলা শিশু সুৰক্ষা সমিতিৰ অধ্যক্ষ প্ৰণৱ কুমাৰ শৰ্মাই শিশু গৃহৰ সমূহ কৰ্মচাৰী আৰু পৰিচালন কৰ্তৃপক্ষলৈ অভিনন্দন জ্ঞাপন কৰে ।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rajasthan Election 2023: Mahant Balaknath और Diya Kumari के बीच कांटे की टक्कर, कौन बनेगा CM
Rajasthan Election 2023: Mahant Balaknath और Diya Kumari के बीच कांटे की टक्कर, कौन बनेगा CM
Video: Supertech Noida Twin Towers Razed To Dust In 9 Seconds
Noida Supertech Twin Towers is being demolished. The supreme court calls out Noida authority and...
Top Trades Tomorrow: कल बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Top Trades Tomorrow: कल बाजार खुलने पर इन Stocks में दिखेगा Action, आज ही तैयार करें निवेश Strategy
Vehicle Sales in August 2024: बीते महीने वाहनों की बिक्री में आई सात फीसदी की गिरावट, FADA ने जारी की रिपोर्ट
फेडरेशन ऑफ ऑटोमोबाइल डीलर्स एसोसिएशन (FADA) की ओर से वाहनों की बिक्री को लेकर एक रिपोर्ट जारी की...