বাক্সা: অহা ১ আগষ্টত মুকলি হ'ব নিৰ্বাচন আয়োগৰ নতুন প্ৰ-পত্ৰ। এই নতুন প্ৰ-পত্ৰৰ জৰিয়তে আধাৰ লিংকৰ সুবিধা থাকিব। এতিয়াৰ পৰা বছৰত চাৰিবাৰকৈ নিৰ্বাচন আয়োগত নাম পঞ্জীয়ন কৰিব পাৰিব। জানুৱাৰী, এপ্ৰিল, জুলাই আৰু অক্টোবৰৰ ১ তাৰিখত পঞ্জীয়ন কৰিব পাৰিব। প্ৰতি তিনি মাহৰ অন্তৰে অন্তৰে দাখিল কৰিব পাৰিব আবেদন। শনিবাৰে মুছলপুৰস্থ বাক্সা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেল যোগে এই কথা জানিব দিয়ে জিলা উপায়ুক্ত মাচান্দা মাগদালিন পাৰ্টিনে ৷ তেওঁ কয় যে পূৰ্বে প্ৰতি বছৰৰ ১ জানুৱাৰীতহে আবেদনৰ সুবিধা আছিল। এতিয়াৰে পৰা ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰতো আবেদনৰ সুবিধা উপলব্ধ হ'ব ৷ ১৮ বছৰ হোৱাৰ পূৰ্বেই আবেদন কৰি থৈ দিব পাৰিব। ১৮ বছৰ হোৱাৰ লগে লগে তেওঁলোকে নিজৰ এডমিট কাৰ্ড লাভ কৰিব। এটা সমষ্টিতে ভোটাৰৰ নাম থাকিব লাগে, তাৰ বাবে ভোটাৰ কাৰ্ডৰ লগত আধাৰ লিংক কৰিব। ১ আগষ্টত মুকলি হ'ব লগা নতুন প্ৰ-পত্ৰত থাকিব চাৰিটা পৃষ্ঠা। নতুন ভোটাৰৰ বাবে ব্যৱহাৰ হ'ব ৬ নম্বৰ প্ৰ-পত্ৰ। ৬(খ) নম্বৰ প্ৰ-পত্ৰ ব্যৱহাৰ হ'ব আধাৰ লিংকৰ বাবে। নাম শুধৰণিৰ বাবে ব্যৱহাৰ হ'ব ৮ নম্বৰ প্ৰ-পত্ৰ। নাম কৰ্তনৰ বাবে ব্যৱহাৰ হ'ব ৭ নম্বৰ প্ৰ-পত্ৰ। অনলাইন পদ্ধতিৰে এই প্ৰক্ৰিয়া সম্পন্ন কৰাৰ লক্ষ্য। উক্ত সংবাদমেলত জিলা নিৰ্বাচনী বিষয়া মানবেন্দ্ৰ ভড়ালীৰ লগতে অতিৰিক্ত উপায়ুক্ত সঞ্জীৱ শৰ্মাও উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
OTTનો ઉપયોગ વધતા ટેલિકોમ કંપનીઓની કમાણીમાં ધરખમ ઘટાડો, 80% ઘટી આવક: TRIA
જૂન 2013 ક્વાર્ટર અને ડિસેમ્બર 2022 ક્વાર્ટર વચ્ચે, કૉલ્સની આવકનો હિસ્સો ઘટ્યો
ટેલિકોમ કંપનીઓની કુલ આવકમાં ઇન્ટરનેટની કમાણીના હિસ્સામાં ધરખમ વધારો
ટેલિકોમ કંપનીઓની આવકમાં વોઈસ કોલનો હિસ્સો છેલ્લા 10 વર્ષમાં 80 ટકા ઘટ્યો છે. તે જ સમયે, એસએમએસ...
सिंघम अगेन की शूटिंग के दौरान डिप्रेशन में थे अर्जुन:मलाइका से ब्रेकअप के बाद अकेलेपन का शिकार हुए, बोले- सेल्फिश होना गलत नहीं
पिछले महीने अर्जुन कपूर ने मलाइका अरोड़ा के साथ अपना ब्रेकअप ऑफिशियली अनाउंस किया था। मलाइका के...
विधानसभा से पहले 4 सीटों पर उपचुनाव लड़ेगी जन सुराज:मनोज भारती बने पहले अध्यक्ष,
बिहार की राजनीति में प्रशांत किशोर की जन सुराज पार्टी की एंट्री हो चुकी है। बुधवार को पटना के...
जिला स्तरीय बाँक्सिंग प्रतियोगिता में उपविजेता रही देलुन्दा स्कूल की टीम
जिला स्तरीय बाँक्सिंग प्रतियोगिता में उपविजेता रही देलुन्दा स्कूल की टीमबून्दी। रामगंज बालाजी में...