মহানগৰীৰ AIDC-ত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। পথ দুৰ্ঘটনাত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় এখন হোণ্ডা চিটি বাহন।

অৱশ্যে দুৰ্ঘটনাটোত কথমপি প্ৰাণ ৰক্ষা পৰে চালকসহ বাহনখনৰ গৰাকী।

জানিব পৰা মতে, জু-ৰোডত নিৰ্মাণ কাৰ্য চলি থকা উৰণীয়া সেতুখনৰ লোহা পৰি ক্ষতিগ্ৰস্ত হয় বিলাসী বাহনখন। 

শ্ৰমিকৰ লগতে লোক নিৰ্মাণ বিভাগৰ গাফিলতি বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে।  

ঘটনা সন্দৰ্ভত উৰণীয়া সেতু নিৰ্মাণ কৰি থকা কোম্পানীটোৰ বিৰুদ্ধে গীতানগৰ থানাত এজাহাৰ দাখিল কৰিছে ৰাজীৱ বৰুৱা নামৰ লোকজনে।