নিজৰ গুৰুক লগ পাই আবেগিক হৈ পৰিল আন্তৰ্জাতিক খ্যাতি সম্পন্ন লোক শিল্পী খগেন গগৈ

সদ্য সম্পন্ন হোৱা সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষাৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা আন্তৰ্জাতিক খ্যাতি সম্পন্ন লোক শিল্পী খগেন গগৈয়ে নিজৰ সাংস্কৃতিক জীৱনৰ গুৰু শিল্পী পেঞ্চনাৰ ডিম্বেশ্বৰ গগৈক লগ পাই আৱেগিক হৈ পৰে। বিশিষ্ট শিল্পী গৰাকীয়ে তেওঁৰ গুৰু ডিম্বেশ্বৰ গগৈৰ বাসগৃহত উপস্থিত হৈ তেওঁক শ্ৰদ্ধা জনোৱাৰ লগতে তেওঁৰ সৈতে কিছু সময় অতিবাহিত কৰি অতীত ৰোমন্থন কৰে।