গোলাঘাট নগৰৰ অলংকাৰ বিবাহ ভৱনত আজি যক্ষ্মা আৰু হাওঁফাওঁৰ ৰোগ সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, গোলাঘাটৰ উদ্যোগত আইন বলৱৎকাৰী সকলৰ বাবে এটা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব জ্যোতিস্মিতা শৰ্মাই কয় যে ধঁপাত এক মাৰাত্মক নিচা আৰু আজিৰ প্ৰজন্মৰ বহুতেই এই সামগ্ৰীবিধৰ প্ৰতি আসক্ত হোৱাটো অতি দুৰ্ভাগ্যৰ বিষয় । ধঁপাতে মানুহৰ জীৱন বিপৰ্যস্ত কৰাই নহয়, একোখন সমাজৰ বৃহৎ ক্ষতি কৰিব পাৰে বুলি তেওঁ কয় । তেওঁ শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধপৰ্যন্ত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাটো আইনমতে দণ্ডনীয় বুলি উল্লেখ কৰি এনে বিষয় দৃষ্টিগোচৰ হ'লে জনসাধাৰণে আইনৰ ওচৰ চাপিব পাৰে বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত ভালেকেইগৰাকী বক্তাই ধঁপাত সেৱনৰ ফলত হ'ব পৰা ৰোগ, ইয়াৰ সৈতে জড়িত আইন আৰু বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায় । আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, গোলাঘাট আৰক্ষীৰ ভালেসংখ্যক বিষয়া, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চি কেডেট আৰু গোলাঘাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল বিষয়া ডাঃ সুনিতা এক্কাই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি কয় যে ধঁপাত কৰ্কট ৰোগৰ অন্যতম কাৰক । ধঁপাতজাতীয় সামগ্ৰীসমূহ বৰ্জনৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত বিশিষ্ট নিবন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, বিশিষ্ট লেখক সমাজ সেৱিকা অপৰাজিতা বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, সমাজ সেৱিকা ডঃ লুকুমনি গোস্বামী, জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
বামুনবাৰী পঞ্চায়ত এলেকাত কেইবাটিও আঁচনিৰ শুভ উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈযে
বামুনবাৰী পঞ্চায়ত এলেকাত কেইবাটিও আঁচনিৰ শুভ উদ্বোধন কৰিলে বিধায়ক চক্ৰধৰ গগৈযে
MCN NEWS| विहिरीमध्ये पडल्याने मादी जातीच्या बिबट्याचा मृत्यू
MCN NEWS| विहिरीमध्ये पडल्याने मादी जातीच्या बिबट्याचा मृत्यू
Parineeti Chopra-Raghav Chadha की Mehandi की तस्वीरें आई सामने, हाथ में हाथ डाले दिखे दोनों
Parineeti Chopra-Raghav Chadha की Mehandi की तस्वीरें आई सामने, हाथ में हाथ डाले दिखे दोनों
Vibrant Gujarat Summit News: समिट के शुरू होने से पहले ही निवेश प्रस्ताव की झड़ी, NTPC ने किया निवेश
Vibrant Gujarat Summit News: समिट के शुरू होने से पहले ही निवेश प्रस्ताव की झड़ी, NTPC ने किया निवेश
સરા ગામના અપંગ યુવાને શ્રાવણ માસ દરમ્યાન 1.70 હજાર નમ: શિવાય ના જાપ લખ્યા
સરા ગામે રહેતા હાર્દિક ચંદુભાઇ વરમોરા જન્મ થી જ અપંગ છે તેની હાઇટ માત્ર દોઢ ફુટની છે ધોરણ 12 સુધી...