গোলাঘাট নগৰৰ অলংকাৰ বিবাহ ভৱনত আজি যক্ষ্মা আৰু হাওঁফাওঁৰ ৰোগ সংক্ৰান্তীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ, গোলাঘাটৰ উদ্যোগত আইন বলৱৎকাৰী সকলৰ বাবে এটা জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয় । অনুষ্ঠানত অংশ লৈ গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব জ্যোতিস্মিতা শৰ্মাই কয় যে ধঁপাত এক মাৰাত্মক নিচা আৰু আজিৰ প্ৰজন্মৰ বহুতেই এই সামগ্ৰীবিধৰ প্ৰতি আসক্ত হোৱাটো অতি দুৰ্ভাগ্যৰ বিষয় । ধঁপাতে মানুহৰ জীৱন বিপৰ্যস্ত কৰাই নহয়, একোখন সমাজৰ বৃহৎ ক্ষতি কৰিব পাৰে বুলি তেওঁ কয় । তেওঁ শিক্ষানুষ্ঠানৰ ১০০ মিটাৰ ব্যাসাৰ্ধপৰ্যন্ত ধঁপাতজাতীয় সামগ্ৰী বিক্ৰী কৰাটো আইনমতে দণ্ডনীয় বুলি উল্লেখ কৰি এনে বিষয় দৃষ্টিগোচৰ হ'লে জনসাধাৰণে আইনৰ ওচৰ চাপিব পাৰে বুলি মত প্ৰকাশ কৰে । অনুষ্ঠানত ভালেকেইগৰাকী বক্তাই ধঁপাত সেৱনৰ ফলত হ'ব পৰা ৰোগ, ইয়াৰ সৈতে জড়িত আইন আৰু বিভিন্ন দিশ সামৰি বক্তব্য আগবঢ়ায় । আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত বিভিন্ন ক্ষেত্ৰৰ সমল ব্যক্তি, গোলাঘাট আৰক্ষীৰ ভালেসংখ্যক বিষয়া, বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, এন চি চি কেডেট আৰু গোলাঘাটৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ জিলা নডেল বিষয়া ডাঃ সুনিতা এক্কাই অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি কয় যে ধঁপাত কৰ্কট ৰোগৰ অন্যতম কাৰক । ধঁপাতজাতীয় সামগ্ৰীসমূহ বৰ্জনৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰ এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে । অনুষ্ঠানত বিশিষ্ট নিবন্ধকাৰ, চলচ্চিত্ৰ পৰিচালক দীনেশ গগৈ, বিশিষ্ট লেখক সমাজ সেৱিকা অপৰাজিতা বৰুৱা, অৱসৰপ্ৰাপ্ত অধ্যাপিকা, সমাজ সেৱিকা ডঃ লুকুমনি গোস্বামী, জ্যেষ্ঠ সাংবাদিক, পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামী, জ্যেষ্ঠ চিকিৎসক ডাঃ ৰঞ্জিত হাজৰিকা আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
'Everest और MDH के इन मसालों के सैम्पल में Pesticide' Singapore, Hong Kong ने लगाया बैन!
'Everest और MDH के इन मसालों के सैम्पल में Pesticide' Singapore, Hong Kong ने लगाया बैन!
খোৱাং বাগিচাত আয়োজিত কৰম সন্মিলনত নিশা শতাধিক ৰাইজৰ সৈতে অংশ গ্ৰহন কৰে ডিব্ৰুগড় জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ উপ সভাপতি অসীম হাজৰিকাই
খোৱাং চাহ বাগিচাত আয়োজিত ২৮ সংখ্যক কৰম সন্মিলনত শতাধিক ৰাইজৰ সৈতে অংশ গ্ৰহন।কৰে ডিব্ৰুগড় জিলাৰ...
PM Modi Birthday: पीएम मोदी के जीवन पर तीन दिवसीय फोटो प्रदर्शनी का आयोजन
आगरा: प्रधानमंत्री नरेंद्र मोदी के 72वें “जन्मदिन“ के अवसर पर सेवा पखवाड़ा के अर्न्तगत...
મહુવાશહેરમાંગણેશજીમૂર્તિ સ્થાપના કરવામાં આવી મુર્તિ વાવવા માટે મુસ્લિમ સમાજપણ સાથ સહકાર આપવા આવેછે
મહુવાશહેરમાંગણેશજીમૂર્તિ સ્થાપના કરવામાં આવી મુર્તિ વાવવા માટે મુસ્લિમ સમાજપણ સાથ સહકાર આપવા આવેછે
গুৱাহাটীত আটক ডকাইতৰ দল, উদ্ধাৰ চুৰি সামগ্ৰী
এক বৃহৎ অগ্ৰগতিৰ জৰিয়তে ভৰালুমুখ আৰক্ষী থানাৰ পৰা পশ্চিম গুৱাহাটী আৰক্ষী জিলাৰ দলটোৱে সফলতাৰে...