মৰাণত পুনৰ কৰ'না আতংক । একেখন বিদ্যালয়তে কৰ'নাত আক্ৰান্ত ১২ জনকৈ ছাত্ৰ-ছাত্ৰী । ডিব্ৰুগড় জিলা মৰাণৰ নৱোদয় বিদ্যালয়ত ধৰা পৰিছে ১২ জনকৈ ছাত্ৰ-ছাত্ৰীৰ দেহত কৰ'না । খোৱাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত থকা বিদ্যালয়খনত স্বাস্থ্য বিভাগৰ এটা দলে স্বাস্থ্য পৰীক্ষা কৰাত ছাত্ৰ-ছাত্ৰী সকলৰ দেহত ধৰা পৰে কৰ'নাৰ উপস্থিতি । বৰ্তমানলৈকে সকলো  ছাত্ৰ-ছাত্ৰীক পৰীক্ষা কৰা হোৱা নাই । মুঠ ৭৪ জন ছাত্ৰ-ছাত্ৰীক কভিড পৰীক্ষা কৰা হৈছে । ইয়াৰ ভিতৰত ১২ জনৰ দেহত পোৱা গৈছে কভিড পজিটিভ । বৰ্তমান কৰ'নাত আক্ৰান্ত হোৱা ছাত্ৰ-ছাত্ৰী সকলক হোম আইছ'লেশ্যনত ৰখা হৈছে আৰু বিদ্যালয়খনত চেনিটাইজেশ্যন কৰা হৈছে । বৰ্তমান বিদ্যালয়খনত এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে ।