*আজিৰে পৰা ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহু আৰম্ভ*

আজিৰে পৰা অহা ১২ মেলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ ম'হঘূলি চাপৰিত অনুষ্ঠিত হৈছে ঐতিহ্যমণ্ডিত ফাটবিহু।পুৱা ৯ বজাত ফাটবিহু সমিতিৰ সভাপতি বসন্ত শইকীয়াই পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰিব ফাটবিহুৰ কাৰ্যসূচীৰ।ইয়াৰ পিছতেই স্মৃতি তৰ্পণ,বিহু দলসমূহক আদৰণি,মঞ্চ মুকলি,টকা বিহু,আৰু চেমনীয়াৰ হুঁচৰি প্ৰতিযোগিতা হ'ব আজিৰ দিনটোত।#কাইলৈ পুৱা কপৌফুল আৰু গছপুলি ৰোপণৰ পিছতে শিপিনীসকলৰ মাজত গামোছাৰ প্ৰতিযোগিতা আয়োজিত হ'ব।১০.৩০ বজাত ফাটবিহুক লৈ প্ৰথমবাৰৰ বাবে নিৰ্মিত এখনি তথ্যচিত্ৰ মুকলি কৰিব,ঢকুৱাখনাৰ অতিৰিক্ত জিলা আয়ুক্ত কাৰ্তিক কলিতাই।উল্লেখ্য যে এইবাৰ ফাটবিহু সমিতিয়ে মুল তোৰণৰ সমীপত ফাটবিহুপ্ৰেমী লোকে কাপোৰ সলাবৰ বাবে সুকীয়া কোঠাৰ ব্যৱস্থা কৰাৰ লগতে এখন জাতীয় সাজ-পাৰৰ বিপনীৰো ব্যৱস্থা কৰিছে।প্ৰায় ৩৫ লাখ টকাৰ বাজেটেৰে আয়োজন এইবাৰ ফাটবিহুত দুইলক্ষাধিক অতিথিক সেৱা-শুশ্ৰষা কৰিবলৈ সাজু হৈছে আয়োজক সমিতিৰ লগতে ঢকুৱাখনাবাসী।অসমৰ বিহু সংস্কৃতিৰ এক স্বকীয়তা ৰক্ষা কৰি অতীজৰে পৰা চলি অহা ঢকুৱাখনাৰ ফাটবিহু হ'ল বিভিন্ন জাতি- জনগোষ্ঠীৰ সাংস্কৃতিক সমন্বয়ৰো এক লোক উৎসৱ।চলিত বৰ্ষৰ ফাটবিহুত পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বিভিন্ন শৈলীৰ বিহুৰ প্ৰতিযোগিতাবোৰ আয়োজনৰ লগতে এইবাৰ ফাটবিহু সমিতিয়ে জাতীয় সাজ-পাৰৰ বিপনী,ফাটবিহুৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰো ব্যৱস্থা কৰিছে।ফাটবিহুত অংশগ্ৰহণৰ বাবে এতিয়া সাজু হৈছে ঢকুৱাখনাৰ বিভিন্ন গাঁৱৰ ডেকা-গাভৰু,পূৰ্ণ বয়স্ক পুৰুষ-মহিলা,চেমনীয়াসকল।