বাক্সা: বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তত অৱস্থিত ৰাজ্যখনৰ অন্যতম মনোৰম পৰ্যটনস্থলী দাৰাগাৱত আজি দাৰাগাৱ-দিৰিং পিকনিক স্পট কো-অপাৰেটিভ ছছাইটিৰ উদ্যোগত আৰু সশস্ত্ৰ সীমা বল চমুকৈ এছএছবিৰ ৬৪ নং বেটেলিয়নৰ সহযোগত আজাদী কা অমৃত মহোৎসৱ কাৰ্যসূচী পালন কৰা হয় । কাৰ্যসূচীত অনুসৰি পুৱা দাৰাগাৱ-দিৰিং পিকনিক স্পটৰ প্ৰৱেশ পথৰ পৰা স্থানীয় ৰাইজে মূল পিকনিক স্পটলৈ এক সজাগতা সমদল বাহিৰ কৰে । ইয়াৰ পিচত দাৰাগাৱ-দিৰিং পিকনিক স্পটৰ কাৰ্যালয়ৰ শিলান্যাস কৰে এছএছবিৰ ৬৪ নং বেটেলিয়নৰ কামাণ্ডেন্ট নন্দ কিশোৰ টামটাই ৷ শিলান্যাস কৰি তেওঁ আজাদী কা অমৃত মহোৎসৱ উপলক্ষে পৰ্যটনস্থলীত গছপুলি ৰোপণ কৰাৰ লগতে "হৰ ঘৰ ত্ৰিৰংগা" শীৰ্ষক কাৰ্যসূচীৰে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা বুলি কয় ৷ দাৰাগাৱ-দিৰিং পিকনিক স্পট সুন্দৰ আৰু পৰিস্কাৰ ৰখাৰ বাবে এছএছবিৰ ফালৰ পৰা ১০ টা ডাষ্টবিনো কামাণ্ডেন্ট গৰাকীয়ে কৰ্তৃপক্ষক প্ৰদান কৰে । আনহাতে অনুষ্ঠানত উপস্থিত থাকি দাৰাগাৱ-দিৰিং পিকনিক স্পট কো-অপাৰেটিভ চ'ছাইটিৰ সভাপতি জগদীশ ৰামচিয়াৰীয়ে পৰ্যটক সকলক প্লাষ্টিক জাতীয় সামগ্ৰী য'তে-ত'তে নেপেলাই এক সঠিক স্থানত মজুত কৰি ৰাখিবলৈ আহ্বান জনায় ৷ আজিৰ এই অনুষ্ঠানত দাৰাগাৱ সমবায় প্ৰভাৰী ৱাই কুমাৰ সিঙ, অবিচি বোৰ্ডৰ বাক্সা জিলা সমিতিৰ সভাপতি থমণ কৈৰালাৰ উপৰিও এছএছবিৰ ভালেসংখ্যক জোৱান আৰু স্থানীয় ৰাইজ উপস্থিত থাকে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
હિંમતનગર વિજાપુર બાયપાસ રોડ પર ટ્રાફિક જામ ૩ કિલોમીટર લાંબી લાઈનો લાગી...!
હિંમતનગર વિજાપુર બાયપાસ રોડ પર ટ્રાફિક જામ ૩ કિલોમીટર લાંબી લાઈનો લાગી...!
Lok Sabha Election 2024: Hardoi के पोलिंग बूथों पर मतदाताओं ने बताया किन मुद्दों पर कर रहे हैं वोट?
Lok Sabha Election 2024: Hardoi के पोलिंग बूथों पर मतदाताओं ने बताया किन मुद्दों पर कर रहे हैं वोट?
પાલનપુરના મડાણા-ડાંગીયા નજીક કારે ત્રણ લોકોને ઉલાળતાં બે વ્યક્તિઓના મોત : એક વ્યક્તિ ઘાયલ
પાલનપુરના મડાણા ડાંગીયા નજીક હિટ એન્ડ રનની ઘટના સામે આવી છે. જેમાં કાર ચાલકે ત્રણ લોકોને ટક્કર...
ગણેશ ચતુર્થીઃ હુબલી-ધારવાડના ઈદગાહ મેદાનમાં જ ગણેશ ચતુર્થીનો તહેવાર ઉજવાશે, કર્ણાટક હાઈકોર્ટે આપી મંજૂરી
કર્ણાટક હાઈકોર્ટે મંગળવારે મોડી રાત્રે થયેલી સુનાવણીમાં ધારવાડ મ્યુનિસિપલ કમિશનરના આદેશને સમર્થન...