১৯৯০ চনতে অইল ইণ্ডিয়া লিমিটেডে সামাজিক দায়বদ্ধতাৰ আঁচনিৰ অধীনত মৰাণত স্থাপন কৰা অঞ্চলটোৰ গুণগত শিক্ষাৰ অন্যতম শিক্ষানুষ্ঠান মৰাণ অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৱে পৰ্যায়ক্ৰমে বন্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগত ১০ ছেপ্টেম্বৰত Nerity যোগে সবিস্তাৰে প্ৰকাশ হোৱাৰ পাচত সম্প্ৰতি অইল ইণ্ডিয়াৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে ‘আছু’৷ বহু দৰিদ্ৰ পৰিয়ালৰ সন্তানে বিনামূলীয়াকৈ বিজ্ঞানৰ শিক্ষা লাভ কৰি উপকৃত হৈ অহাৰ পাচতো ২০০৪ চনত ষড়যন্ত্ৰমূলকভাৱে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখা বন্ধ কৰি অঞ্চলটোৰ বহু সম্ভাৱনাপূৰ্ণ উঠি অহা প্ৰজন্মৰ ব্যাপক ক্ষতি সাধন কৰাৰ পাচত শেহতীয়াকৈ পুনৰ উচ্চতম ন্যায়ালয়ৰ এক নিৰ্দেশনাৰ অজুহাত দেখুৱাই স্কুল বাচ বন্ধ কৰি বিদ্যালয়খন এক প্ৰকাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবৰ বাবে চলোৱা এনে থলুৱা বিৰোধি ষড়যন্ত্ৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ‘আছু’ৱে৷ আজি মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি শৈল্য বড়া আৰু সাধাৰণ সম্পাদক স্বৰাজ বৰুৱা নেতৃত্বত যোৱা এটা সজাতি দলে মৰাণ অইলৰ জ্যেষ্ঠ প্ৰশাসনিক বিষয়া কানু চাহুৰ হাতত এখন দাবী পত্ৰ প্ৰদান কৰি তিনি দিনৰ ভিতৰত বিষয়টো সম্পৰ্কত দৃষ্টিভংগী স্পষ্ট কৰিবলৈ আহ্বান জনাইছে সংগঠনটোৱে৷ তদুপৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৰ ভিত্তিত শীঘ্ৰে স্কুল বাচ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও অইল ইণ্ডিয়া কতৃৰ্পক্ষক দাবী জনাইছে ‘আছু’ৱে৷ অন্যথা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জংগী গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ‘আছু’ৱে৷ ইফালে মৰাণ অইলৰ দাঁতিকাষৰীয়া গ্ৰামাঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী যাতায়তৰ অসুবিধাৰ বাবে যোৱা ১ ছেপ্টেম্বৰৰ পৰা শ্ৰেণীত উপস্থিত থাকিব পৰা নাই বুলি জানিব পৰা গৈছে৷ ইয়াকে লৈ অভিভাৱক-অভিভাৱিকাসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
Nerity’ৰ বাতৰিৰ প্ৰভাৱ– অইল ইণ্ডিয়াৰ স্কুল বন্ধৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে সৰৱ ‘আছু’– তিনি দিনৰ ভিতৰত দৃষ্টিভংগী স্পষ্ট নকৰিলে আন্দোলনৰ হুংকাৰ


