দেওমৰনৈ বড়িগাঁৱত সাংস্কৃতিক অনুষ্ঠান গীতে মাতে এসন্ধ্যাঃ কুৰিগৰাকী শিল্পীয়ে আপ্লুত কৰিলে দৰ্শকক ৷ দেওমৰনৈ বড়িগাঁৱৰ বৃন্দাভৱনত অনুষ্ঠিত হয় সাংস্কৃতিক অনুষ্ঠান গীতে মাতে এসন্ধ্যা ৷ দেওমৰনৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক হৰগোবিন্দ ডেকা আৰু সংগীত শিল্পী কৰৱী শৰ্মাৰ কন্যা ৰাধা মঞ্জৰী দেৱী দাসীৰ প্ৰথম বাৰ্ষিক জন্মদিন উপলক্ষে অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰে বিশিষ্ট লোক শিল্পী মতি বড়াই । বিশিষ্ট কন্ঠশিল্পী অপূৰ্ব ভৰদ্বাজে পৰিচালনা কৰা অনুষ্ঠানত দেওমৰনৈ গাওঁ পঞ্চায়তৰ সভানেত্ৰী পদ্মাৱতী দেৱী,সংগীত শিল্পী দ্বীজেন কুমাৰ, কন্দৰ্প বৰুৱা, শশীন শৰ্মা, ভদ্ৰেশ্বৰ ডেকা, মহেশ্বৰ কলিতা, ফুলেশ্বৰ নাথ,কংকী বৰুৱা, জিলমিল চক্ৰৱৰ্তী,হৰগোবিন্দ ডেকা প্ৰমুখ্যে একুৰি শিল্পীয়ে গীত পৰিবেশন কৰি নিশাটো জীপাল কৰে ৷ বাদ্য যন্ত্ৰ সংগত কৰে তপন চলিহা,অতুল ডেকা, অপূৰ্ব ভৰদ্বাজ,দ্বীজেন কুমাৰ আৰু উপেন বড়োই।
দেওমৰনৈ বড়িগাঁৱত সাংস্কৃতিক অনুষ্ঠান "গীতে মাতে এসন্ধ্যা"- কুৰিগৰাকী শিল্পীয়ে আপ্লুত কৰিলে দৰ্শকক