খুমটাইত ৰে'লৰ খুন্দাত নিহত এজন লোক ৷ যোৱানিশা সংঘটিত হ'ল এই ঘটনা । খুমটাইৰ ১ নং ভোলাগুৰিৰৰ নিতেন ভূমিজ নামৰ ৩০ বছৰীয়া লোকজনৰ মৃত্যু হ'ল ৰে'লৰ খুন্দাত । পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে লোকজনৰ মৃতদেহ। ইতিমধ্যে ৰে'ল আৰক্ষী উপস্থিত হৈ মৃতদেহ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে ।