সোণাৰিৰ শালকাঠনি চাহ বাগিচাত গণ প্ৰহাৰত এজনৰ মৃত্যুৰ সন্দেহ

চৰাইদেউৰ সাপেখাতীৰ শালকাঠনীত গণ প্ৰহাৰত মৃত্যু এজনৰ ৷ শালকাঠনী চাহ বাগিচাৰ মঙলু তাতী (৩০) নামৰ যুৱকগৰাকীক বাগিচাৰ একাংশ লোকে পুৱাই মাৰধৰ কৰি হত্যা কৰে ৷ কিছু দিন পূৰ্বে কাৰাগাৰৰ পৰা জামিন লাভ কৰি মুক্তি লাভ কৰি আহিছিল ৷ মঙলুৱে অঞ্চলটোৰ ৰাইজৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই আহিছিল সন্ত্ৰাস । অৱশেষত স্থানীয়লোক সকলে অতিষ্ঠ হৈ  ওলাই আহি খেদি খেদি মাৰপিট কৰি হত্যা কৰে মঙলুক ।