সোণাৰিত বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মানত ব্যস্ত মৃৎ শিল্পীসকল 

বিশ্বকর্মা পূজাৰ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়তে চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰতো দেখা গ'ল মৃৎ শিল্পীসকল বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত । বর্তমান সময়ত বিশ্বকর্মা পূজা ব্যক্তিগত ভাৱে নাইবা ৰাজহুৱা ভাৱেই হওক অধিক সার্বজনিকতাৰে পালন কৰা দেখা যায় । বিভিন্ন শিল্প প্রতিষ্ঠান , কাৰিকৰী আলয় তথা ব্যক্তিগত গৃহ আদিত বিশ্বকৰ্মাৰ মৃণ্ময় মূৰ্তি , ধাতু মূর্তি স্থাপন কৰি উপাসকসকলে বিশ্বকর্মা পূজা কৰি প্ৰাৰ্থনা কৰে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰিতো ক’ভিডসৃষ্ট পৰিৱেশৰ বাবে বিগত দুটা বছৰে জটিলতা দেখা দিছিল মৃৎ শিল্পীসকলৰ মাজত । বর্তমানে ক’ভিড পৰিস্থিতি কিছু শিথিল হোৱাত পুনৰ তেওঁলোক ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মাৰ প্ৰতিমা নির্মাণত । এইবাৰ বিশ্বকর্মা পূজা উলহ - মালহৰে পালন হ'ব বুলি মৃৎ শিল্পীসকল আশাবাদী কাৰণ যোৱাবাৰো ক’ভিডৰ কিছু নিয়ম - নীতিৰ বাবে উলহ - মালহৰে উদযাপন হোৱা নাছিল বিশ্বকর্মা পূজা । যোৱা বছৰৰ তুলনাত এইবাৰ বেছিকে নিৰ্মাণ কৰিছে বিশ্বকৰ্মাৰ প্ৰতিমা ।