ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বন্যপ্ৰাণী সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত আজাৰাৰ কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ ঘৰৰ পৰা কাছটো উদ্ধাৰ কৰে । লগতে উদ্ধাৰ কৰে বন্যপ্ৰাণী কঢ়িওৱা ১০ টা পিঞ্জৰা । বন্যপ্ৰাণী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা আজাৰৰ ঘৰটোৰ পৰা কাছ আৰু পিঞ্জৰা কেইটা উদ্ধাৰ কৰে । উল্লেখ্য যে বৃহস্পতিবাৰে ৰঙিয়া আৰক্ষীয়ে কেংগেৰু-চিম্পাঞ্জী সহ ৪১ টা বন্যপ্ৰাণী জব্দ কৰিছিল । এই বন্যপ্ৰাণী সমূহ আজাৰৰ কুঁৱৰী গাঁৱৰ হিতেশ কুমাৰ দাসৰ ঘৰটোত খাদ্য খুওৱা আৰু জিৰণিৰ বাবে ভাড়াত লৈছিল । বৃহস্পতিবাৰে উদ্ধাৰ কৰা কেংগেৰু আৰু চিম্পাঞ্জীসহ বন্যপ্ৰাণী কেইটা আজাৰৰ এই ঘৰটোত খাদ্য খুওৱাইছিল সৰবৰাহকাৰীয়ে । উদ্ধাৰ হোৱা কাছটো ইতিমধ্যে ৰানী বন বিভাগক গতাই দিছে ।