কিছুদিন পূৰ্বে কংগ্ৰেছ দল ত্যাগ কৰা দেশৰ অন্যতম বৰ্ষীয়ান নেতা গুলাম নবী আজাদে ৩৭০ অনুচ্ছেদ সন্দৰ্ভত ডাঙৰ মন্তব্য আগবঢ়াইছে।
জম্মু-কাশ্মীৰৰ বাৰামুলা জিলাত এখন জনসভাত ভাষণ দি তেওঁ কয় যে কেৱ ময়েই নহয়, কংগ্ৰেছ, শাৰদ পাৱাৰ বা মমতা বেনাৰ্জীয়েও ৩৭০ অনুচ্ছেদ ঘূৰাই দিব নোৱাৰে।
ইফালে এই জনসভাতে আজাদে অহা ১০ দিনত নতুন দল ঘোষণা কৰিব বুলি মন্তব্য কৰে।
উল্লেখ্য যে জম্মু-কাশ্মীৰৰ এগৰাকী অতি জনপ্ৰিয় নেতা আজাদে ৰাহুল গান্ধীক দোষাৰোপ কৰি কংগ্ৰেছ দল ত্যাগ কৰিছিল।
 
  
  
  
  
   
   
   
  