অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াক যোৱা ৬ ছেপ্টেম্বৰৰ নিশা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে একাংশ দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে পূব গুৱাহাটী প্ৰেছ ক্লাবে। সাংবাদিক গৰাকীৰ ওপৰত আক্ৰমণ চলোৱা লোক সকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই দেওবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সকলে। 

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিকৰ ওপৰত চলোৱা আক্ৰমণৰ লগত জড়িত দুৰ্বৃত্ত সকলক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবীত ক'লা বেজ পৰিধান কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সাংবাদিক সকলে বনজিৎ ঠাকুৰীয়াক ন্যায় প্ৰদান কৰক, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক, আৰক্ষীৰ মইমতলী নচলিব আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। 

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি চামচুল ৰহমান, সম্পাদক মনোজ কুমাৰ ডেকাই অসমীয়া প্ৰতিদিন কাকতৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াৰ আক্ৰমণকাৰীক উচিত শাস্তি প্ৰদান কৰাৰ লগতে চান্দমাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পক্ষপাতিত্বমূলক আচৰণ নিন্দা কৰে। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি আৰু সম্পাদকে। 

সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰা আৰু সাংবাদিক সুৰক্ষা আইন শীঘ্ৰে প্ৰণয়ন কৰাৰ দাবী জনায় পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্য সকলে। শনিবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ পূব গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাংগণত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত সাংবাদিক সকলৰ লগতে নাৰেংগী উন্নয়ন সমিতিৰ সম্পাদক কমল বৰা আৰু নাৰেংগী ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি কলিতাও অংশগ্ৰহণ কৰে।