আজি পুৱা প্ৰায় 7 মান বজাত বোকাজান মহকুমাৰ অন্তৰ্গত খতখতি আৰক্ষী থানাৰ অন্তৰ্গত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পূৰ্বৰ MVI গেটৰ সন্মুখত উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত, খতখতি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজু দুৱৰা,বোকাজান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্ম, আৰু 20 নং বোকাজান CRPF বাহিনীৰ সহযোগত চলাইছিল উক্ত ড্ৰাগছ বিৰোধী অভিযানটো ।

অভিযানত উদ্ধাৰ হৈছে 74 টা চাবোনৰ বাকচত মুঠ 966 গ্ৰাম হেৰইন।

আৰক্ষীয়ে ড্ৰাগছসহ নাগালেণ্ডৰ ফেক জিলাৰ Solomon thuer আৰু Simon thuer নামৰ দুজনক আটক কৰিছে বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।

WB-74P-4456 নম্বৰৰ এখন SWIFT বাহনৰপৰা আৰক্ষীয়ে জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ হেৰইনখিনি ।

জব্দকৃত হেৰইনখিনি আন্তৰাষ্ট্ৰীয় বজাৰ মূল্য আঠ কৌটিৰো অধিক হব বুলি অনুমান কৰা হৈছে।

কাৰ্বিআংলং আৰক্ষীয়ে এটা মাহতে কাৰ্বিআংলং জিলাৰ বিভিন্ন আৰক্ষী থানা সমূহৰ অন্তৰ্গত বিভিন্ন ঠাইৰ পৰা মুঠ 3.5 কেজি ড্ৰাগছ,পাঁচ কুইণ্টল গাঁজা, আৰু yaba টেবলেট 17000 জব্দ কৰিছে,লগতে

 কেইবাটাও সৰবৰাহকাৰীক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে।