১৮ বছৰৰ ওপৰৰ সকলো মহিলাকে মাহিলী ১০০০ টকাকৈ প্ৰদান কৰিব অৰবিন্দ কেজৰিৱালে। আজি আহমেদাবাদত এই কথা ঘোষণা কৰে আম আদমী পাৰ্টিৰ শীৰ্ষ নেতাজনে। অনাগত গুজৰাট বিধানসভা নিৰ্বাচনত যুঁজ দিয়াৰ বাবে সাজু হোৱা কেজৰিৱালে সঘনে ৰাজ্যখনত উপস্থিত হৈ প্ৰচাৰ আৰম্ভ কৰিছে। 

আজি এক প্ৰচাৰ অভিযানত অংশ লৈ ঘোষণা কৰে যে, যদি আম আদমী পাৰ্টি গুজৰাটত শাসনলৈ আহে তেন্তে ১৮ বছৰৰ ওপৰৰ প্ৰতিগৰাকী মহিলাক ১০০০ টকাকৈ আর্থিক অনুদান প্ৰদান কৰিব। উল্লেখ যে, অহা ডিচেম্বৰ মাহত গুজৰাট বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা।