লোকসংগীতৰ শিল্পী খগেন গগৈয়ে উদ্বোধন কৰিলে বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা।

বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাই মুহিলে সোণাৰিবাসীক। সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ। লোক সংগীতৰ সাধক খগেন গগৈয়ে উদ্বোধন কৰিলে সাংস্কৃতিক শোভাযাত্ৰা। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগতে অৰুণাচল প্ৰদেশৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণ। ৯ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান।