যোৱা ২৯ জুলাইত বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত উলিওৱা প্ৰতিবাদী সমদলত আহোম জাতি মুৰ্দাবাদ ধ্বনি দিয়া বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে সৰৱ হৈ উঠিছে টাই আহোম যুৱ পৰিষদ অসম। আহোম জাতিক হেয় প্ৰতিপন্ন কৰিব বিচৰা এই কাৰ্যত ক্ষুণ্ণ হৈ টাই আহোম যুৱ পৰিষদ অসমৰ চৰাইদেউ জিলা সমিতিয়ে কালি সোণাৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে।