সোণাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত সাপেখাটী মণ্ডলৰ হাটীপুখুৰীত আজি বিধায়ক এলেকা আছুতীয়া পুঁজিৰ অধীনত ৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া হাতীপুখুৰী ৰাজহুৱা প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি কামৰ শুভৰাম্ভ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।  

আধাৰশিলা অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যদ্বয় দিলীপ কোঁৱৰ, কাজল দে, সাপেখাটী মণ্ডলৰ সভাপতি যতিন গগৈ, সম্পাদক শংকৰ বড়া, সোনাৰি জিলা পৰিষদৰ সদস্যা জীনু কোঁৱৰ, লংপটীয়া গাঁও পঞ্চায়তৰ সভাপতি হৰিশ্চন্দ্ৰ গগৈ, পঞ্চায়তৰ সদস্য-সদস্যাৰ লগতে দলীয় কাৰ্যকৰ্তা ও বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।