শ্ৰী শ্ৰী ৰোমহৰ্ষণ মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাঙ্গণত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰোমহৰ্ষণদেৱৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। সেই উপলক্ষে আয়োজিত অনুষ্ঠানটিত পুৱা বৃক্ষৰোপন কৰে পৰিবেশ কৰ্মী গোবিন বৰাই। ইয়াৰ পিছত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰতিযোগিতাখন উন্মোচন কৰে শ্যামন্ত পায়েঙে। পুৱা দহ বজাত আৰম্ভ হোৱা নাম-প্ৰসংগৰ শেষত মুকলি সভা আৰম্ভ হয়। সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেমোধৰ বৰাই। মাজুলী জিলা সূত সন্মিলনৰ কাৰ্যকৰী সভাপতি পুলিন বৰাই উদ্বোধন কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক সোমনাথ দাস, অধ্যাপক ড০ ৰাজেন বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়াই অবসৰপ্ৰাপ্ত শিক্ষক বেথাৰাম হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সূত উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তৰুণ বৰুৱা, সদৌ অসম সূত সন্মিলনৰ মুখপাত্ৰ ঋতুপৰ্ণ বৰা, সন্মিলনৰ কেন্দ্ৰীয় সদস্য প্ৰশান্ত হাজৰিকা, আৰু মাজুলী জিলা সূত যুৱ সন্মিলনৰ সভাপতি লক্ষজিত বৰা, আৰু ৰাজ্যিক বটাঁ প্ৰাপ্ত শিক্ষক দিগন্ত বৰা। উদযাপন সমিতিৰ যুটীয়া সম্পাদক পাপু বৰাই আঁত ধৰা অনুষ্ঠান টিত আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ প্ৰধান শিক্ষক সুজিত শইকীয়াই । সাংস্কৃতিক সম্পাদক প্ৰবিত্র হাজৰিকাৰ তত্ত্বাৱধানত সভাত তিনিটাকৈ দলীয় দিহানাম আৰু দুটিকৈ বৰগীত পৰিবেশন কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সহ শিক্ষক অতুল হাজৰিকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
তিতাবৰ পানীখেতি স্বাস্থ্যকেন্দ্ৰৰ জন আৰোগ্য সমিতি গঠন।কেন্দ্ৰটোৰ উন্নয়ণমূলক পদক্ষেপ গ্ৰহণ সিদ্ধান্ত।
তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তত থকা পানীখেতি স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত আজি চৰকাৰী...
Fire In Udyan Express: रेल स्टेशन पर खड़ी ट्रेन में अचानक लगी भयंकर आग | Train fire | Burning Train
Fire In Udyan Express: रेल स्टेशन पर खड़ी ट्रेन में अचानक लगी भयंकर आग | Train fire | Burning Train
মঙলদৈ পুনীয়াত অশোক মটৰ্চে উদ্বোধন কৰিলে মহিন্দাৰ স্কৰপীয় গাড়ী।
মঙলদৈ পুনীয়াত মটৰ্চে উদ্বোধন কৰিলে মহিন্দাৰ স্কৰপীয় গাড়ী।
তিনিচুকীয়াত চলি থকা পলিথিনৰ ৰমৰমীয়া ব্যৱসায় সন্দৰ্ভত তিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াৰ মন্তব্য
তিনিচুকীয়াত চলি থকা পলিথিনৰ ৰমৰমীয়া ব্যৱসায় সন্দৰ্ভত তিনিচুকীয়া পৌৰসভাৰ কাৰ্য্যবাহী বিষয়াৰ মন্তব্য
Maldhari community irked as SMC catches cattle from stables in Surat | Zee News
Maldhari community irked as SMC catches cattle from stables in Surat | Zee News