শ্ৰী শ্ৰী ৰোমহৰ্ষণ মধ্য ইংৰাজী বিদ্যালয়ৰ উদ্যোগত বিদ্যালয়ৰ প্ৰাঙ্গণত আজি দিনজোৰা কাৰ্যসূচীৰে শ্ৰী শ্ৰী ৰোমহৰ্ষণদেৱৰ জন্ম জয়ন্তী উদযাপন কৰা হয়। সেই উপলক্ষে আয়োজিত অনুষ্ঠানটিত পুৱা বৃক্ষৰোপন কৰে পৰিবেশ কৰ্মী গোবিন বৰাই। ইয়াৰ পিছত চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ হয়। প্ৰতিযোগিতাখন উন্মোচন কৰে শ্যামন্ত পায়েঙে। পুৱা দহ বজাত আৰম্ভ হোৱা নাম-প্ৰসংগৰ শেষত মুকলি সভা আৰম্ভ হয়। সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত শিক্ষক হেমোধৰ বৰাই। মাজুলী জিলা সূত সন্মিলনৰ কাৰ্যকৰী সভাপতি পুলিন বৰাই উদ্বোধন কৰা সভাখনত অৱসৰপ্ৰাপ্ত শিক্ষক সোমনাথ দাস, অধ্যাপক ড০ ৰাজেন বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ আগবঢ়াই অবসৰপ্ৰাপ্ত শিক্ষক বেথাৰাম হাজৰিকাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সূত উন্নয়ন পৰিষদৰ উপাধ্যক্ষ তৰুণ বৰুৱা, সদৌ অসম সূত সন্মিলনৰ মুখপাত্ৰ ঋতুপৰ্ণ বৰা, সন্মিলনৰ কেন্দ্ৰীয় সদস্য প্ৰশান্ত হাজৰিকা, আৰু মাজুলী জিলা সূত যুৱ সন্মিলনৰ সভাপতি লক্ষজিত বৰা, আৰু ৰাজ্যিক বটাঁ প্ৰাপ্ত শিক্ষক দিগন্ত বৰা। উদযাপন সমিতিৰ যুটীয়া সম্পাদক পাপু বৰাই আঁত ধৰা অনুষ্ঠান টিত আদৰণি ভাষণ আগবঢ়াই বিদ্যালয়ৰ প্ৰধান শিক্ষক সুজিত শইকীয়াই । সাংস্কৃতিক সম্পাদক প্ৰবিত্র হাজৰিকাৰ তত্ত্বাৱধানত সভাত তিনিটাকৈ দলীয় দিহানাম আৰু দুটিকৈ বৰগীত পৰিবেশন কৰা হয়। সভাৰ শেষত শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়ৰ সহ শিক্ষক অতুল হাজৰিকাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાલીતાણા જીવાપુર નજીક એસટી બસ બંધ પડી મુસાફરો રઝળી પડ્યા
પાલીતાણા જીવાપુર નજીક એસટી બસ બંધ પડી મુસાફરો રઝળી પડ્યા
Sabarkantha News | ખેડબ્રહ્મા ખાતે નગરપાલિકામાં મોરબી પુલ હોનારતના મૃતકોને શ્રદ્ધાંજલિ | Dpnews
Sabarkantha News | ખેડબ્રહ્મા ખાતે નગરપાલિકામાં મોરબી પુલ હોનારતના મૃતકોને શ્રદ્ધાંજલિ | Dpnews
ઉત્પાદન માટે બિયારણને લગતી આ માહિતી હવે વિશેષ જરૂરી બની છે
છેલ્લા વર્ષોમાં નકલી બિન-પ્રમાણિત બિયારણોને કારણે ખેડૂતોને ઉત્પાદનમાં નુકસાન થયું છે. મોંઘા...
સોનાલીની પુત્રી યશોધરાનું મોટું નિવેદન, કહ્યું- ગોવા પોલીસ પર ભરોસો ન કરો, CBI તપાસમાં વિલંબથી પુરાવા ખતમ થઈ શકે છે
બીજેપી નેતા અને ટિકટોક સ્ટાર સોનાલી ફોગાટની હત્યા કેસમાં તેની એકમાત્ર પુત્રી યશોધરાએ સિરસા રોડ પર...
रावतभाटा लाल झंडा ऑटो रिक्शा चालक यूनियन ने सीटू कार्यालय मे किया पौधरोपण
रावतभाटा लाल झंडा ऑटो रिक्शा चालक यूनियन सीटू चारभुजा कार्यालय में पौधारोपण का कार्यक्रम रखा...