সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে আগন্তুক ঊনত্ৰিংশতিতম দ্বি-বাৰ্ষিক অধিবেশনত প্ৰদান কৰিবলগীয়া বঁটাসমূহৰ বাবে এখন উচ্চ পৰ্যায়ৰ বঁটা বাচনি সমিতিৰ যোগেদি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ‘লেখিকা সমাৰোহ সাহিত্য বঁটা-২০২০’ৰ বাবে বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ জুৰী বৰা বৰগোহাঞিক মনোনীত কৰিছে। ক্ষেত্ৰ অধ্যয়নৰ মাধ্যমেৰে উপন্যাস ৰচনাত এক নিজস্ব শক্তিশালী ধাৰা সৃষ্টি কৰা জুৰী বৰা বৰগোহাঞিলৈ এই সন্মান তেখেতৰ সাহিত্যৰাজীৰ বাবে আগবঢ়োৱা হৈছে। ‘লেখিকা সমাৰোহ সাহিত্য বঁটা’ বিগত সময়ত প্ৰসিদ্ধ লেখিকা অৰূপা পটঙ্গীয়া কলিতা, অনুৰাধা শৰ্মা পূজাৰী আদিলৈ আগবঢ়োৱা হৈছে। ‘লেখিকা সমাৰোহ সাহিত্য বঁটা-২০১৯’ আগবঢ়োৱা হৈছে এগৰাকী সফল মাতৃ হিচাপে পৰিচিত বিশিষ্ট ঔপন্যাসিক ড০ নিৰুপমা মহন্তলৈ তেখেতৰ সাহিত্য কৃতিৰ বাবে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ বঁটা বাচনি সমিতিৰ যোগেদি ‘লেখিকা সমাৰোহ সাহিত্য বঁটা’কে ধৰি এইবাৰ বিভিন্ন শিতানৰ বঁটাৰ বাবে মুঠ বাৰ গৰাকী বিশিষ্ট লেখিকা, সাংবাদিক আৰু শিল্পীক মনোনীত কৰা হৈছে। আজি নগাৱত অনুষ্ঠিত সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যনিৰ্বাহক সভাই বঁটাপ্ৰাপকসকলৰ নাম আনুষ্ঠানিকভাবে ঘোষণা কৰে। অহা ১৩ অক্টোবৰৰ পৰা ১৬ অক্টোবৰ ২০২২লৈ ইতিহাস প্ৰসিদ্ধ শিৱসাগৰ জিলাৰ ‘সৰস্বতী নিৰ্মলপ্ৰভা বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ’ত অনুষ্ঠিত হ’ব সদৌ অসম লেখিকা সমাৰোহৰ শিৱসাগৰ অধিবেশন। অধিবেশনৰে ১৬ অক্টোবৰ ২০২২ ৰ মুকলি সভাৰ সৈতে সংগতি ৰআখি বিয়লি ২.৩০ বজাত আয়োজন কৰা গাম্ভিৰ্যপূৰ্ণ বঁটা প্ৰদান অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী ড০ চাৰু চহৰীয়া নাথ, প্ৰধান সম্পাদিকা ড০ থুনু কলিতা আৰু ঊনত্ৰিংশতিতম দ্বি-বাৰ্ষিক শিৱসাগৰ অধিবেশনৰ অভ্যৰ্থনা সমিতিৰ সভানেত্ৰী অপৰাজিতা ভূঞা, সম্পাদিকা সুভদ্ৰা বৰা স্বাক্ষৰিত আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ আৰু চাৰিওটা দিনৰ কাৰ্য্যসূচী ছপা কৰি প্ৰেৰণ আৰু বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্ৰী সুবৰ্ণ শইকীয়া বৰদলৈয়ে জানিবলৈ দিছে। উল্লেখ্য যে নাৰীৰ শিক্ষা আহৰণ, চিন্তা-চৰ্চা আৰু সামাজিক চেতনাক উদ্বুদ্ধ কৰাৰ প্ৰয়াসেৰে ১৯৭৪ চনৰ ২ নৱেম্বৰত জন্ম লোৱা আৰু ইতিমধ্যে সুদীৰ্ঘ সাতচল্লিশটা বছৰ অতিক্ৰম কৰি সদৌ অসম লেখিকা সমাৰোহ সমিতি এটা বিশাল অনুষ্ঠানত পৰিণত হৈছে। অসমৰে নহয় ভাৰতৰ সীমা অতিক্ৰমী বিশ্বৰ বিভিন্ন প্ৰান্তত বসবাস কৰা অসমীয়া ভাষাৰ বিভিন্ন বয়সৰ মহিলা লেখকসকলক এখন শক্তিশালী মঞ্চ প্ৰদান কৰি আহিছে এই অনুষ্ঠানটিয়ে। সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ তৎপৰতাতে বিভিন্ন গুৰুত্বপূৰ্ণ সাহিত্যৰাজীও সৃষ্টি হৈছে আৰু প্ৰকাশো সম্ভৱ হৈছে। সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে লেখিকাসকলক উৎসাহিত কৰিবৰ কাৰণে আৰু কৰ্মৰাজীক স্বীকৃতি দিবৰ বাবে বিগত সময়ত অনুষ্ঠিত অনুষ্ঠানটোৰ দ্বি-বাৰ্ষিক অধিবেশনবিলাকত কেইবাটাও সন্মানীয় বঁটা প্ৰদান কৰি আহিছে।
এই বঁটাৰ পূৰ্বে জুৰী বৰা বৰগোহাঞিয়ে দেশৰ সৰ্বশ্ৰেষ্ঠ আলেখ্য হিচাপে বিবেচিত হোৱা “ষ্টিলৱেল ৰ'ডঃ দ্য মেমৰী অৱ এ ফৰগ'টেন ৱাৰ’’ৰ বাবে ৰাষ্ট্ৰীয় আকাশবাণী বাৰ্ষিক বঁটা (২০১৮), “ভোক” উপন্যাসৰ বাবে ‘অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সাহিত্য সন্মান' (২০১৮), “ৰাগ... ইমন”উপন্যাসৰ বাবে ‘হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতী বঁটা' (২০০৯), “লিড'লাম” উপন্যাসৰ বাবে ‘জীৱন ইনিচিয়েটিভৰ বছৰৰ বিশেষ স্বীকৃতি' (২০১২), সাহিত্য জগতলৈ অৱদানৰ বাবে ‘যুৱ অনুপ্ৰেৰেণা বঁটা' (২০১৩) আৰু সমাজ জীৱনলৈ আগবঢ়াই অহা অৱফান আৰু ‘সিহঁত’ উপন্যাসৰ বাবে ‘অননন্যা নাৰী অনন্য গ্ৰন্থ বঁটা (২০২১) আদি লাভ কৰিছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা ‘ৰুৰেল হিষ্ট্ৰী অৱ ইণ্ডিয়া’তো লেখা অন্তৰ্ভূক্ত হোৱা জুৰী বৰা বৰগোহাঞিয়ে গুৰুত্বপূৰ্ণ সামাজিক-ৰাজনৈতিক-পৰিবেশীয় সমস্যা কিছুমানৰ ওপৰত কাম কৰি দায়বদ্ধতা প্ৰকাশ কৰাৰ লগতে ৰাষ্ট্ৰীয়-অন্তঃৰাষ্ট্ৰীয় অধ্যয়ন-চক্ৰ, গৱেষণা পত্ৰত বিভিন্ন বিষয়-বস্তু লৈ বহুকেইখন গৱেষণা পত্ৰ উপস্থাপন আৰু প্ৰকাশ কৰিছে। লেখক তথা সক্ৰিয় পৰিবেশ আৰু সমাজকৰ্মী জুৰী বৰা বৰগোহাঞি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু এম.ফিল. ডিগ্ৰীধাৰী। আঠ বছৰ অধ্যাপনাৰ স’তে জড়িত বৰ্তমান পেছাত লেখক জুৰী বৰা বৰগোহাঞি বিশ্বৰ অন্যতম বৃহৎ নদীদ্বীপ মাজুলীৰ প্ৰথমগৰাকী মহিলা সাংবাদিক। তেখেতৰ প্ৰকাশিত উপন্যাস- ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পটভূমিৰে “ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী’’, অসমৰ পৰা বাহিৰত গৈ পঢ়া শিক্ষাথীৰ জীৱন শৈলীৰে “আপোনজনৰ ঠিকনা’’, অসমৰ সত্ৰ ব্যৱস্থাৰ অন্তৰ্ভাগৰ কিছু অকথিত বাস্তৱেৰে- “অভিলাষী যাত্ৰা’’, এইডচ আক্ৰান্ত এগৰাকী সম্ভ্ৰান্ত নাৰীৰ জীয়াই থকাৰ সংগ্ৰামক লৈ “ৰাগ... ইমন’’, ঐতিহাসিক চৰিত্ৰ তেজ মঙহৰ জয়মতীৰ পূৰ্ণাঙ্গ জীৱন গাঁথাৰে “নাংফা’’, অসমৰ লিডুৰ পৰা মহাচীনৰ কুনমিঙলৈকে নিৰ্মিত বিশ্বখ্যাত ঐতিহাসিক ষ্টিলৱেল ৰোডৰ কাহিনীৰে- “লিড'লাম’’, নাৰী-দেহ ব্যৱসায়ৰ জীৱন্ত বৰ্ণনাৰে “ভোক’’, চাহ উদ্যোগৰ লগত জড়িত শ্ৰমিকসকলৰ জীৱনক লৈ “আংকুশ’’, এটা লোমহৰ্ষক ধৰ্ষণ কাণ্ডত নিজৰ ঘৰতে সৰ্বস্ব হেৰুওৱা এঘাৰ ধৰ্ষিতা তথা সীমাহীন অন্যায়ৰ বলি হোৱা এজাক নাৰীক লৈ “সিহঁত’’ আৰু উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানত লোকচক্ষুৰ আঁৰত চলি থকা স্বাৰ্থ, লালসা, যৌন উৎপীড়ন, মানসিক অত্যাচাৰৰ আলমত- “চিঞৰ”। অসমীয়া বৌদ্ধিক আলোচনী ‘সাতসৰী'ত ২০১০ চনৰ পৰা বৰ্তমানলৈকে ‘আমাৰ শাক চিনাকি’, ‘আমাৰ মাছ চিনাকি’, ‘আমাৰ ফল চিনাকি’ আৰু ‘গামোচাৰ চানেকি বিচাৰি’ নামেৰে অসমৰ থলুৱা শাক, মাছ, ফল আৰু বস্ত্ৰৰ ওপৰত গৱেষণালব্ধ তথ্যৰে চাৰিখনকৈ সচিত্ৰ ধাৰাবাহিক প্ৰকাশ পাইছে। জুৰী বৰা বৰগোহাঞিৰ সৃষ্টিক বিষয় হিচাপে লৈ বিশ্ববিদ্যালয়ত গৱেষণা হোৱাৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তত আয়োজিত আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰত তেখেতৰ শেহতীয়া উপন্যাসকেইখন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পণ্ডিত-অধ্যাপক, সমল ব্যক্তি, গৱেষক-ছাত্ৰৰ আলোচনা পত্ৰৰ বিষয়, প্ৰসঙ্গ-গ্ৰন্থ আৰু প্ৰকল্পৰ বিষয় হিচাপে চৰ্চিত হৈছে। কিছু সৃষ্টি বিভিন্ন ভাষালৈ অনুবাদ হৈছে আৰু নাটক, গীত, কবিতা আদি তেওঁৰ সৃষ্টিৰ আধাৰত নিৰ্মাণ হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પોરબંદરમાં રુમઝુમ 2022 રાસોત્સવનું ભવ્ય સમાપન થયું
રૂમઝૂમ રાસોત્સવ ૨૦૨૨ નાં આયોજનનું કાર્ય સંપન્ન થતા પોલીસ ક્રિકેટ ગ્રાઉન્ડમાં જે આયોજન થયેલ હતું...
वैजापूर येथे सफाई कामगारांच्या आरोग्य तपासणी साठी शिबीर
वैजापूर येथे सफाई कामगारांच्या आरोग्य तपासणी साठी शिबीर
સિહોર વડલાચોક પાસે ગટર ઉભરાઈ
સિહાર વડલાચાક વિસ્તાર પટલ મેડિકલ વાળા ખાંચામાં છલ્લા ઘણા લાંબા સમયથી ગટર ઉભરાઈ રહી છ.તંત્રવાહકાની...
Gandhinagar News| ગાંધીનગર: જિલ્લા કાનૂની સેવા સત્તા મંડળ 13 May 23 નેશનલ લોક અદાલત | Dpnews
Gandhinagar News| ગાંધીનગર: જિલ્લા કાનૂની સેવા સત્તા મંડળ 13 May 23 નેશનલ લોક અદાલત | Dpnews