ৰাজ্য চৰকাৰৰ ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগ তোলা ভিক্টৰ দাসৰ সন্দৰ্ভত গোলাঘাটত KMSS ৰ সাধাৰণ সম্পাদকৰ প্ৰতিক্ৰিয়া l ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত ধনৰ লেনদেন হোঁৱা বুলি অভিযোগ উত্থাপন কৰাৰ পিচতেই আৰক্ষীয়ে ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ বাবে এতিয়া খলকনি তুলিছে ৰাজ্য জুৰি l উক্ত সন্দৰ্ভত আজি গোলাঘাট ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি নিজৰ অকৰ্মণ্যতা ধাকিব বিচাৰিছে আৰু লগতে সত্যত পৰ্দা দিব বিচাৰিছে বুলি মন্তব্য কৰি নিৰ্দোষী ভিক্টৰ দাসক মুকলি কৰি দিবৰ বাবে দাবী জনায় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই l লগতে মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাক উক্ত ঘটনাৰ সন্দৰ্ভত এক উপযুক্ত আৰু নিকা তদন্ত ঘোষণাৰ বাবেও দাবী জনায় ছাত্ৰ নেতা জনে