নাৰায়ণপুৰৰ খেৰাজখাত চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ ছাত্ৰী উপাসনা বৰুৱাই কেঁচা কলৰ পৰা সম্পূৰ্ণ ঘৰুৱা পদ্ধতিৰে প্ৰস্তুত কৰি উলিয়াইছে আটাগুৰিৰ বিকল্প। বিশেষকৈ জাহাজী, চেনীচম্পা, পুৰাকল আৰু ভীমকলৰ পৰা আটাগুৰিৰ বিকল্প প্ৰস্তুত কৰি উলিয়াইছে ছাত্ৰী গৰাকীয়ে। ইতিমধ্যে ছাত্ৰী গৰাকীয়ে Exposition of women Innovation and its outreach for Sustainability ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি দেশৰ নিৰ্বাচিত ১০ টা প্ৰকল্পৰ ভিতৰত স্থান লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ছাত্ৰী গৰাকীৰ এই সফলতাত অসম চৰকাৰৰ কৃষি মন্ত্ৰী অতুল বৰা,লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱানৰ লগতে বিভিন্ন জনে অভিন্দন জ্ঞাপন কৰিছে।