হোজাই জিলা আৰক্ষীৰ বিশেষ তৎপৰাত উদ্ধাৰ হল হেৰাই যোৱা এহাল মুকবধিৰ দম্পতি ৷ 

উদ্ধাৰ হোৱা দম্পতি হালৰ নাম হল খাপেগ খাকলাৰী আৰু ববী খাকলাৰী ৷ ঘৰ দুয়়োৰে কাৰ্বিআংলং জিলাৰ ধনশিৰি থানাৰ অন্তৰ্গত তামুলবাৰীত ৷ 

ববী খাকলাৰী নামৰ মুখবধিৰ মহিলা গৰাকী যোৱা দুৰ্গাপূজাৰ সময়ত পূজা চাবলৈ আহি নিৰুদ্দেশ হৈছিল ৷ 

পাছত হোজাইৰ শকংৰদেৱ নগৰত অসুস্থ অৱস্থাত অনাই বনাই ঘূৰি ফুৰা দেখি হোজাইৰ আৰক্ষী অধীক্ষক বৰুন পুৰকায়স্থৰ নিৰ্দ্দেশত আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি চিকিৎসা কৰাই ডবকাৰ ব্যক্তি সংস্থাৰ পি এন আৰ হমত ৰখা হৈছিল ৷ 

ইফালে পত্নীক বিচাৰি মুকবধিৰ স্বামী খাপেগ খাকলাৰীওঁ ঘৰৰ পৰা ওলায় আহি নিৰুদ্দেশ হৈছিল ৷ দুদিনমান পূৰ্বে তেওঁক কাকীৰ গোপালপুৰৰ পৰা উদ্ধাৰ কৰি কাকী আৰক্ষীয়ে ডবকাৰ একেখন পি এন আৰ হম ত ৰখাৰ ব্যৱস্থা কৰিছিল ৷ 

পৰৱৰ্তি সময়ত মুখবধিৰ লোকজনৰ পকিয়ালৰ লোকে খবৰ পাই কাকী আৰক্ষীৰ সহযোগত ডবকাৰ পি এন আৰ হমলৈ লোকজন নিবলৈ কালি আহে ৷ কিন্তু নিবলৈ অহাৰ পাছতেই পৰিয়ালৰ লোকে মুকবধিৰ লোকজনৰ পত্নীকো একে স্থানত পাই উৎফল্লিত হৈ পৰে ৷ 

পাছত দুয়োকে কাকী আৰক্ষীৰ সহযোগত পৰিয়ালৰ লোকক চমজাই দিয়া হয় ৷ 

সম্পূৰ্ণ হিন্দি চিনেমাৰ দৰেই হেৰুৱা পত্নীক বিচাৰি পায় উৎফল্লিত হৈ পৰে দম্পতি হাল ৷ 

হোজাই জিলা আৰক্ষীৰ এনে কাৰ্য্যক প্ৰসংক্ষা কৰিছে পৰিয়ালৰ লোকৰ লগতে হোজাইবাসীয়ে ৷