অসমৰ মাটিত স্থাপন কৰা অৰুণাচলৰ চেক গেট উচ্ছেদৰ দাবী অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ অসমীয়া ৰাইজৰ। টিয়ক নৈৰ সীমা পাৰ হৈ অসমৰ মাটিত অবৈধ বেদখল কৰা অৰুণাচলীয়ে চেকগেট স্থাপন কৰি অসমীয়াৰ ওপৰত অত্যাচাৰ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। উল্লেখ্য যে ১৯৬২ চনত চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰি টিয়ক নদীকেই অসম-অৰুণাচল প্ৰদেশৰ সীমা নিৰ্ধাৰণ কৰা হৈছিল যদিও এই সীমা অতিক্ৰম কৰি অৰুণাচলীয়ে অসমৰ মাটিত গাঁও স্থাপন কৰা খবৰ ইতিমধ্যে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল। তাৰ পিছতো বিগত চৰকাৰসমূহৰ সদিচ্ছাৰ অভাৱৰ বাবেই কোনো ধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাছিল। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নামচাই চুক্তি অনুসৰি দুয়োখন ৰাজ্যৰ সীমা বিবাদ সমাধান কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তেনে সময়তে চৰাইদেউ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ চৰাইপুং অঞ্চলৰ ৰাইজে অসমৰ মাটিত অৰুণাচলীয়ে স্থাপন কৰা অবৈধ চেকগেট উচ্ছেদ কৰাৰ দাবী উত্থাপন কৰিছে। লগতে অসমৰ মাটিত গাঁও স্থাপন কৰি বসতি স্থাপন কৰা অৰুণাচল প্ৰদেশৰ ৱাংচু লোকসকলক অসমীয়া ৱাংচু হিচাপে চিনাকী দিবলৈ আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જસદણના અલગ અલગ જગ્યાઓ પર થી 5 વ્યાજ ખોરો સામે ફરિયાદ નોંધાય આરોપીની પૂછપરછ શરૂ કરી
જસદણ: જસદણના અલગ અલગ જગ્યાઓ પર થી 5 વ્યાજ ખોરો સામે જસદણ પોલીસ સ્ટેશનમાં જસદણ પોલીસે ફરિયાદ...
UP lok sabha Election Voting: Kairana में कड़ी सुरक्षा के बीच पोलिंग बूथ पर पहुंचे मतदाता | Aaj Tak
UP lok sabha Election Voting: Kairana में कड़ी सुरक्षा के बीच पोलिंग बूथ पर पहुंचे मतदाता | Aaj Tak
रुरल एक्सप्रेस या मासिकाच्या दिवाळी अंकाचे गंगाखेडात विमोचन
संपादक पालम तालुक्यातील मौजे फरकंडा येथील सुपत्र प्रसाद पौळ यांच्या रुरल एक्सप्रेस या मासिकाच्या...
24 घंटे की बैटरी लाइफ और बेस्ट साउंट क्वालिटी के साथ आता है Sony का ये Eurbud, कीमत इतनी की खरीद लेंगे नया फोन
सोनी एक जाना माना ब्रांड हैजो खासकर अपने ऑडियो प्रोडक्ट की वजह से जाना जाता है। अब कंपनी ने अपने...