◆যোৰহাটৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান সেৱা আৰু যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সহযোগত যোৰহাটৰ কেন্দুগুৰি স্থিত ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় 

১৯৪২ চনৰ ৯ ছেপ্টেম্বৰৰ ঐতিহাসিক "স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰ ঘোষণা"ৰ ৮০ বছৰ বৰ্ষপূ্ত্তি উপলক্ষে ৮০ বছৰ পূৰ্তিৰ ৰোমন্থন আৰু সম্বৰ্ধনা অনুষ্ঠান।যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলনৰ কাৰ্যকৰী সভাপতি গিৰিশ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অনুষ্ঠানত মুখ্য বক্তা হিচাপে উপস্থিত থাকে যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক ডঃ সৌমিত্ৰ পূজাৰী।যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া ইন্দ্ৰজিত কুমাৰ বৰুৱাই সভাখন উদ্বোধন কৰা সভাত

 পৰাধীন ভাৰতৰ স্বাধীন চাৰিগাঁও ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লক্ষেশ্বৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে সভাৰ সভাপতি গিৰিশ বৰদলৈয়ে। সেৱা ৰ হেমেন শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত ডঃ বলিন খাৰঘৰীয়া, ৰেবকান্ত বৰুৱা পাব্লিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী কবিতা নাজিৰ, পূব যোৰহাট জ্যেষ্ঠ নাগৰিক মঞ্চৰ সভাপতি লৱন হাজৰিকা, অতিৰিক্ত উপায়ুক্ত দামোদৰ বৰ্মন, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে ।