শুকুৰবাৰে সন্ধিয়া বোকাজানৰ বালিপথাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন তীব্ৰ বেগী বাইকে ৰৈ থকা বলেৰ’ পিক আপত খুন্দা মৰাৰ ফলত বাইকত থকা দুজন যুৱকৰ থিতাতে মৃত্যু হয়।

ইফালে বাইকত থকা আন এগৰাকী কিশোৰী গুৰুতৰভাৱে আহত হয়। আহত কিশোৰীগৰাকীক সংকটজনক অৱস্থাত বোকাজান চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

বাইক আৰোহী কেইজনৰ বৰ্তমানেও পৰিচয় উদ্ধাৰ হোৱা নাই। অৱশ্যে লাভ কৰা তথ্য অনুসৰি বাইকত থকা তিনিওগৰাকী সম্পৰ্কত ভাতৃ-ভগ্নী।

ইফালে ঘটনাস্থলত স্থানীয় আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।