ভাৰতৰ নিৰ্বাচনী আয়োগৰ নিৰ্দেশ অনুসাৰে বিশেষ ভোটাৰ তালিকা সংশোধন, ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি আদিৰ সন্দৰ্ভত শনিবাৰে জিলা নিব্বাচনী বিষয়া তথা জোনাই মহকুমাধিপাতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে এক সংবাদমেল অনুষ্ঠিত কৰে। জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰি বিষয়াগৰাকীয়ে ভাৰতীয় নির্বাচনী আয়োগৰ নীতি অনুসৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ আৰু নতুন ভোটাৰ হ'বলৈ ওলোৱা ১৭ বছৰ ঊৰ্ধৰ সকলো যুৱক-যুৱতীয়ে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে পূৰ্বৰ এটা তাৰিখৰ পৰিবৰ্তে এতিয়া বছৰত চাৰিবাৰ এই সুবিধা লাভ কৰিব বুলি ব্যক্ত কৰে। ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰাৰ চাৰিটা তাৰিখ ক্ৰমে ১ জানুৱাৰী, ১ এপ্ৰিল, ১ জুলাই আৰু ১ অক্টোবৰ বুলি সদৰি কৰে জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে l তেওঁ ১৭ বছৰৰ উৰ্ধৰ সকলো যুৱক যুৱতীকে ভোটাৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবৰ বাবে আবেদন কৰিবলৈ অনুৰোধ জনায়। ইপিনে অহা এক আগষ্টৰ পৰা সকলো ভোটাৰে ভোটাৰ তালিকাত ৬ (বি) প্ৰ-পত্ৰ যোগে নিজৰ আধাৰ নম্বৰ লিংক কৰিব লাগিব। নির্বাচন আয়োগে পূৰ্বৰ সকলো প্ৰপত্ৰ নাকচ কৰি ৬ নং প্ৰপত্ৰৰে ভোটাৰ তালিকাত নাম ভর্তি, ৬ (বি) প্ৰপত্ৰৰে আধাৰ লিংক, ৭ নং প্ৰপত্ৰৰে আপত্তি, বাতিল, অন্যান্য আৰু সমষ্টি সলনিৰ বাবে ৮ নং প্ৰপত্ৰৰ জৰিয়তে আবেদন কৰিব পাৰিব।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  দেওধৰ ট্ৰফীত ৰিয়ান পৰাগৰ দ্বিতীয়টো শতক।  
 
                      দেওধৰ ট্ৰফীত ৰিয়ান পৰাগৰ দ্বিতীয়টো শতক আহৰন। ৫টা ছিক্সাৰ আৰু ৪টা বাউণ্ডেৰীৰে ৬৮টা বলত ১০২ ৰাণ...
                  
   અમરેલી: રાજુલા ના સાંજણાવાવ ગામના સરપંચ સામે છેડતીની ફરિયાદ નોંધાઇ  
 
                      અમરેલી: રાજુલા ના સાંજણાવાવ ગામના સરપંચ સામે છેડતીની ફરિયાદ નોંધાઇ 
                  
   দৰং জিলা কৃষি বিভাগৰ উদ্যোগত কঠিয়াসিচা কায্যাসূচি। 
 
                      আজি দৰং জিলাৰ মঙ্গলদৈ সমষ্টিৰ ডাহী নগাঁওত জিলা কৃষি বিভাগৰ উদ্যোগত পশ্চিম মঙ্গলদৈ প্ৰগ্ৰেচিভ...
                  
   खनिज मंत्री  पहाड़ीखेरा में प्राथमिक स्वास्थ्य केंद्र का करेंगे भूमि पूजन  
 
                      *खनिज मंत्री पहाड़ीखेरा में प्राथमिक स्वास्थ्य केन्द्र का करेंगे भूमिपूजन*     ...
                  
   કર્ણાટકઃ શિવમોગા ટેન્શન પર ભાજપના નેતાના બગડ્યા બોલ – ‘આ મુસ્લિમોના બાપની જગ્યા નથી, શાંતિથી રહેવું હોય તો રહો’
 
 
                      બીજેપી નેતા અને કર્ણાટક શિવમોગ્ગાના ધારાસભ્ય ઈશ્વરપ્પાનું વિવાદાસ્પદ નિવેદન સામે આવ્યું છે....
                  
   
  
  
  
   
  