অৰুণাচলৰ নাহৰলগুণৰ পৰা বিশ্বনাথ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি আজি গ্ৰেপ্তাৰ কৰিলে দুই শিশু অপহৰণকাৰীক। ধৃত শিশু অপহৰণ কাৰী দুজন ক্ৰমে আবু টাহেৰ আৰু ললিত কেওট। ধৃত আবু টাহেৰৰ ঘৰ বিশ্বনাথৰ ৪ নং কুমলীয়াত। ফলফলিৰ চাহিবুৰ ৰহমান নামৰ ব্যক্তিজনৰ ঘৰত ভাৰা থাকি পাচলি বেপাৰ কৰিছিল আবুৱে। আইচস্ক্ৰীম দিম বুলি ফুচুলাই নি অৰুণাচলত বিক্ৰী কৰিছিল প্ৰাৰ্থনা বৰুৱা নামৰ ৬ বছৰীয়া শিশুটিক। বেদেতিৰ বৰালিমৰাৰ অৰুপ বৰুৱা নামৰ ব্যক্তিজনৰ কন্যা প্ৰাৰ্থনা বৰুৱা। বিশ্বনাথ চাৰিআলিৰ ফলফলিৰ চাহিদা আখতাৰ আহমেদৰ ঘৰত ভাৰা থাকে অৰুপ বৰুৱা আৰু তেওঁৰ পৰিয়াল। অৰুপ বৰুৱাৰ ঘৰৰ সমীপতে ভাৰাত আছিল অপহৰনকাৰী আবু টাহেৰ। ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অপহৰন কৰিছিল শিশুটিক। অৰুণাচলীক ডেৰ লাখ টকাত বিক্ৰি কৰিবলৈ যোজা চলাইছিল অপহৰণকাৰী দুটাই। অৰুণাচলৰ নাহৰলগুনৰ পৰা শিশুটিক উদ্ধাৰ কৰি অনাৰ লগতে কৰায়ত্ত কৰে অপহৰকাৰী দুটাক। আনহাতে, ললিত কেওট ৰ ঘৰ বৰপুখুৰী চাহ বাগিছাৰ বড়ো লাইনত।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
वीज पडून मृत्यूमुखी पडलेल्या म्हशीच्या पंचनामेसाठी सखाराम बोबडे पडेगावकर यांची धावपळ
परभणी प्रतिनिधी
गुरुवार 8 सप्टेंबर रोजी दुपारी झालेल्या जोरदार पावसात वैतागवाडी शिवारात...
Monsoon Tech Tips: फोन-लैपटॉप ही नहीं, एसी, टीवी फ्रिज और वॉशिंग मशीन का बरसात में ऐसे रखें ख्याल
बरसात के मौसम में स्मार्टफोन और लैपटॉप जैसे गैजेट्स का ख्याल रखना आसान है। लेकिन जब एसी टीवी...
રાધનપુર વિસ્તારમાં વાતાવરણમાં એકાએક આવ્યો પલટો | SatyaNirbhay News Channel
રાધનપુર વિસ્તારમાં વાતાવરણમાં એકાએક આવ્યો પલટો | SatyaNirbhay News Channel
Kapil Sibal ने PM Modi पर फिर साधा निशाना तो Congress में वापसी की होने लगी अटकलें! Rahul Gandhi
Kapil Sibal ने PM Modi पर फिर साधा निशाना तो Congress में वापसी की होने लगी अटकलें! Rahul Gandhi