১০০ খন ইলেক্ট্ৰিক বাছ ক্ৰয়ৰ পূৰ্বে অসম ৰাজ্যিক পৰিৱহন নিগমত বাছ ক্ৰয়ৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ আপ অসমৰ।বাছ ক্ৰয়ৰ পূৰ্বে নিবিদা প্ৰক্ৰিয়াতে হোৱা ভয়ংকৰ কেলংকাৰী সংবাদমেল পাতি তথ্য সহকাৰে ফাদিল কৰিলে আপে।১০০ খন ইলেক্ট্ৰিক বাছ ক্ৰয়ৰ বাবে স্মাৰ্ট চিটি ফাণ্ডৰ ২০০ কোটি টকা দিছিল অসম ৰাজ্যিক পৰিৱহন নিগমক।নিবিদা অনুসৰি ১০০ খনৰ ৯০ খন আছিল হুইল চেয়াৰ নথকাকৈ যাত্ৰী উঠাব পৰা আৰু ১০ খন আছিল হুইল চেয়াৰ থকা বাছ ক্ৰয় কৰিব।কিন্তু ইয়াৰ বাবে জাৰি কৰা নিবিদাতে কেলেংকাৰীৰ সন্দেহ আপৰ।নিবিদাত অলেক্টা গ্ৰীণ ট্ৰেক লিমিটেড আৰু জে বি এম অট' লিমিটেডে অংশ লৈছিল।কিন্তু টেকনিকেল পাৰ্টত জে বি এম লিমিটেডক নাকচ কৰি এটা প্ৰতিষ্ঠানকে দায়িত্ব দিয়া হ'ল বাছ ক্ৰয়ৰ। ব্যৱস্থা নকৰিলে পুনৰ নিবিদাৰ।জে বি এমক নাকচ কৰাৰ পিছত ৰহস্যজনক ভাৱে পুনৰ টেণ্ডাৰ নকৰি অকলেই ১৫১ কোটি টকাত অলেক্টা লিমিটেডক প্ৰদান কৰিলে বাছ ক্ৰয়ৰ দায়িত্ব।পুনৰ নিবিদা দিয়া হ'লে অতি উচ্চ দৰত ইলেক্ট্ৰিক বাছ সমূহ ক্ৰয় নকৰি ৰাজহুৱা ধন ৰাজহ কৰিব পাৰিলে হেতেন। কিন্তু নিগমে ব্যৱস্থা নকৰিলে পুনৰ নিবিদাৰ।অলেক্টা লিমিটেডক প্ৰতিখন বাছ ১ কোটি ৫০ লাখত ক্ৰয় কৰিবলৈ দায়িত্ব প্ৰদান কৰিলে।কিন্তু ৯ মিটাৰ দৈৰ্ঘ্যৰ ইলেক্ট্ৰিক বাছ কেৰেলা চৰকাৰে প্ৰতিখন ১ কোটি ১০ লাখত ক্ৰয় কৰিছে আৰু আমাৰ ইয়াত প্ৰতিখন ক্ৰয় কৰিছে ১ কোটি ৫১ লাখত।হিমাচলে প্ৰতিখন বাছ ৯৭ লাখত ক্ৰয় কৰিছে। কেৰেলা চৰকাৰ আৰু হিমাচল চৰকাৰে ইয়াৰ লগত একেলগে চাৰ্জাৰো ক্ৰয় কৰিছে।কিন্তু অসমে চাৰ্জাৰ ক্ৰয় নকৰাকৈ ১ কোটি ৫১ লাখত কেৱল বাছ খনহে ক্ৰয় কৰিব।প্ৰতিখন বাছ ক্ৰয়ৰ নামত প্ৰায় ৪০ লাখ টকাকৈ কেলেংকাৰী হোৱাৰ অভিযোগ।মুখ্যমন্ত্ৰীক কেলেংকাৰীৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী।এই কেলেংকাৰীত বাঘৰ নিচিনাকৈ জপিয়াই পৰিবলৈ দাবী মুখ্যমন্ত্ৰীক।এই বিষয়ত আপে নিজাববীয়াকৈ সোমবাৰে লিখিত অভিযোগ দাখিল কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ચાઈનીઝ દોરી અને તુક્કલ પર રાજ્ય સરકારે પ્રતિબંધ ફરમાવ્યો
ગુજરાત પોલીસની રાજ્યની જનતાને ખાસ અપીલ: જો તમારી પાસે ચાઈનીઝ દોરી અને તુક્કલના ઉત્પાદન, વેચાણ કે...
চামগুৰিৰ পদুমনি-পামগাৱঁত নিশা এগৰাকী মহিলাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড
চামগুৰিৰ পদুমনি-পামগাৱঁত নিশা এগৰাকী মহিলাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড।
Finally Meet @Shivani Kumari Official & @Tech Champion Support
Finally Meet @Shivani Kumari Official & @Tech Champion Support
મહુધા સરપંચ એસો દ્વારા તલાટી ઓની હડતાલ ના પગલે આવેદનપત્ર. || Nirnay Media
મહુધા સરપંચ એસો દ્વારા તલાટી ઓની હડતાલ ના પગલે આવેદનપત્ર. || Nirnay Media
गुजरात -खेडा के कठलाल उमा भवन में मेडिकल चेकअप केम्प का आयोजन किया गया। @बीबीसी लाईव
गुजरात -खेडा के कठलाल उमा भवन में मेडिकल चेकअप केम्प का आयोजन किया गया। @बीबीसी लाईव