১০০ খন ইলেক্ট্ৰিক বাছ ক্ৰয়ৰ পূৰ্বে অসম ৰাজ্যিক পৰিৱহন নিগমত বাছ ক্ৰয়ৰ নামত ভয়ংকৰ কেলেংকাৰীৰ অভিযোগ আপ অসমৰ।বাছ ক্ৰয়ৰ পূৰ্বে নিবিদা প্ৰক্ৰিয়াতে হোৱা ভয়ংকৰ কেলংকাৰী সংবাদমেল পাতি তথ্য সহকাৰে ফাদিল কৰিলে আপে।১০০ খন ইলেক্ট্ৰিক বাছ ক্ৰয়ৰ বাবে স্মাৰ্ট চিটি ফাণ্ডৰ ২০০ কোটি টকা দিছিল অসম ৰাজ্যিক পৰিৱহন নিগমক।নিবিদা অনুসৰি ১০০ খনৰ ৯০ খন আছিল হুইল চেয়াৰ নথকাকৈ যাত্ৰী উঠাব পৰা আৰু ১০ খন আছিল হুইল চেয়াৰ থকা বাছ ক্ৰয় কৰিব।কিন্তু ইয়াৰ বাবে জাৰি কৰা নিবিদাতে কেলেংকাৰীৰ সন্দেহ আপৰ।নিবিদাত অলেক্টা গ্ৰীণ ট্ৰেক লিমিটেড আৰু জে বি এম অট' লিমিটেডে অংশ লৈছিল।কিন্তু টেকনিকেল পাৰ্টত জে বি এম লিমিটেডক নাকচ কৰি এটা প্ৰতিষ্ঠানকে দায়িত্ব দিয়া হ'ল বাছ ক্ৰয়ৰ। ব্যৱস্থা নকৰিলে পুনৰ নিবিদাৰ।জে বি এমক নাকচ কৰাৰ পিছত ৰহস্যজনক ভাৱে পুনৰ টেণ্ডাৰ নকৰি অকলেই ১৫১ কোটি টকাত অলেক্টা লিমিটেডক প্ৰদান কৰিলে বাছ ক্ৰয়ৰ দায়িত্ব।পুনৰ নিবিদা দিয়া হ'লে অতি উচ্চ দৰত ইলেক্ট্ৰিক বাছ সমূহ ক্ৰয় নকৰি ৰাজহুৱা ধন ৰাজহ কৰিব পাৰিলে হেতেন। কিন্তু নিগমে ব্যৱস্থা নকৰিলে পুনৰ নিবিদাৰ।অলেক্টা লিমিটেডক প্ৰতিখন বাছ ১ কোটি ৫০ লাখত ক্ৰয় কৰিবলৈ দায়িত্ব প্ৰদান কৰিলে।কিন্তু ৯ মিটাৰ দৈৰ্ঘ্যৰ ইলেক্ট্ৰিক বাছ কেৰেলা চৰকাৰে প্ৰতিখন ১ কোটি ১০ লাখত ক্ৰয় কৰিছে আৰু আমাৰ ইয়াত প্ৰতিখন ক্ৰয় কৰিছে ১ কোটি ৫১ লাখত।হিমাচলে প্ৰতিখন বাছ ৯৭ লাখত ক্ৰয় কৰিছে। কেৰেলা চৰকাৰ আৰু হিমাচল চৰকাৰে ইয়াৰ লগত একেলগে চাৰ্জাৰো ক্ৰয় কৰিছে।কিন্তু অসমে চাৰ্জাৰ ক্ৰয় নকৰাকৈ ১ কোটি ৫১ লাখত কেৱল বাছ খনহে ক্ৰয় কৰিব।প্ৰতিখন বাছ ক্ৰয়ৰ নামত প্ৰায় ৪০ লাখ টকাকৈ কেলেংকাৰী হোৱাৰ অভিযোগ।মুখ্যমন্ত্ৰীক কেলেংকাৰীৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী।এই কেলেংকাৰীত বাঘৰ নিচিনাকৈ জপিয়াই পৰিবলৈ দাবী মুখ্যমন্ত্ৰীক।এই বিষয়ত আপে নিজাববীয়াকৈ সোমবাৰে লিখিত অভিযোগ দাখিল কৰিব।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
India में बढ़ती महंगाई पर Kejriwal की Best Speech
India में बढ़ती महंगाई पर Kejriwal की Best Speech
সোণাৰি জুনিয়ৰ কলেজত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিশেষ কাৰ্যসূচী
সোণাৰি জুনিয়ৰ কলেজত স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় সেনাৰ বিশেষ কাৰ্যসূচী।
৭৫ সংখ্যক স্বাধীনতা...
विपक्ष को बिहार में ही करनी पड़ेगी सबसे ज्यादा मशक्कत, JDU को देनी पड़ सकती है बड़ी कुर्बानी
नई दिल्ली, महागठबंधन से जीतनराम मांझी की पार्टी हिंदुस्तानी आवाम मोर्चा (हम) के अलग हो जाने...
ડીસાના માર્ગો પર મહામેળામાં જતાં પદયાત્રીઓ માટે સેવા કેમ્પો શરૂ
ભાદરવી પૂનમના મહામેળામાં અંબાજી જતા પદયાત્રીઓની સેવા માટે ડીસાના માર્ગો પર સેવા કેમ્પો ધમધમી...
कवींचे टोळीयुद्ध l प्रसिद्ध वात्रटिकाकार व्याख्याते सूर्यकांत डोळसे यांची वात्रटिका@suryakanti live
कवींचे टोळीयुद्ध l प्रसिद्ध वात्रटिकाकार व्याख्याते सूर्यकांत डोळसे यांची वात्रटिका@suryakanti live