‘সবল নাৰী, স্বাক্ষৰ শিশু, সূস্থ ভাৰত’ৰ লক্ষ্যৰে আৰম্ভ কৰা ৰাষ্ট্ৰীয় পোষণ মাহ-২০২২ উদযাপনৰ অংশ হিচাপে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত তথা আই অ’ চি এল, মীন বিভাগ, এ আৰ আই এ এচ চ’চাইটিৰ সহযোগত কালি কামৰূপ জিলাৰ ছয়গাঁও খণ্ডত ‘মৎস্য পৰিপুষ্টি’ শীৰ্ষক এক পাইলট প্ৰকল্পৰ শুভাৰম্ভণি কৰা হয়। এই প্ৰকল্প ৰূপায়ণৰ বাবে ছয়গাঁও খণ্ডৰ ২০০টা অংগনৱাড়ী কেন্দ্ৰ নিৰ্বাচন কৰা হৈছে আৰু ইয়াৰ দ্বাৰা প্ৰায় ৭০০০ সংখ্যক ৩ বছৰৰ পৰা ৬ বছৰীয়া শিশুক উপকৃত কৰাৰ লক্ষ্য লোৱা হৈছে। উল্লেখ্য যে প্ৰ''টিন, ভিটামিন আৰু বিভিন্ন খনিজ উপদানেৰে সমৃদ্ধ শুকান মাছৰ গুৰি (Fish Powder) শিশু সকলৰ আহাৰত সংযোজনেৰে পুষ্টিহীনতাৰ সমস্যা নিৰাময়ৰ লক্ষ্যৰে আৰম্ভ কৰা এই প্ৰকল্পটো কালি ছয়গাঁও খণ্ডৰ ২ নং কুকুৰমাৰা অংগনৱাড়ী কেন্দ্ৰত আয়োজিত “পোষণ মাহ” উদযাপন অনুষ্ঠানত জিলা উপায়ুক্ত কীৰ্তি জল্লী, জিলা সমাজ কল্যাণ বিষয়া তথা সহকাৰী আয়ুক্ত চেহনাব চাহিন আৰু সহযোগী সংস্থা সমূহৰ বিষয়ববীয়া সকলৰ উপস্থিতত শুভাৰম্ভ কৰা হয়। শুভাৰম্ভণি অনুষ্ঠানত বক্তব্য প্ৰদান কৰি জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে এই মহান প্ৰচেষ্টালৈ সহযোগিতা আগবঢ়োৱাৰ বাবে সংশ্লিষ্ট সকলো পক্ষকে আহ্বান জনায়। পুষ্টিহীনতাই শিশু সকলৰ বিকাশত বাধা জন্মায় বুলি উল্লেখ কৰি শুকান মাছৰ গুৰি (Fish Powder) শিশুৰ খাদ্য তালিকাত সংযোজনে এই সমস্যা বহুলাংশে লাঘৱ কৰিব পাৰে বুলি তেওঁ কয়। ছয়গাওঁ খণ্ডত পাইলট প্ৰকল্প আকাৰে আৰম্ভ কৰা এই প্ৰকল্প পিচলৈ জিলাখনৰ অন্য অঞ্চল সমূহলৈ সম্প্ৰসাৰিত কৰাৰ বাবে জিলা প্ৰশাসনে পদক্ষেপ ল'ব বুলিও তেওঁ কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રામોલ હાથીજણ વિસ્તાર માં આજરોજ યોજાનાર નામાભિધાન અને જાહેરસભા નો પ્રોગ્રામ
રામોલ-હાથીજણ વોર્ડમાં આજ રોજ યોજાનાર નામાભિધાન અને જાહેરસભા કાર્યક્રમ.
बीमार बना सकती है खड़े होकर पानी पीने की आदत, किडनी और जोड़ों को हो सकता है नुकसान
सेहतमंद रहने के लिए शरीर में पानी का होना बेहद जरूरी है। यही वजह है कि हेल्थ एक्सपर्ट्स भी दिनभर...
जीवन जीने के लिए इंसान अपनी जी जिंदगी को कैसे बेहतर बना सकता है
जीवन जीने के कई तरीके हैं और हर व्यक्ति के लिए "बेहतर जीवन" की परिभाषा अलग-अलग हो सकती है।...
ગેસ લીકેજને કારણે કસલપૂર ગ્રામજનોની હંગામી હિજરત
#buletinindia #gujarat #mahesana