অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন (ইউএপিএ)ৰ অধীনত দাখিল কৰা গোচৰত কেৰালাৰ সাংবাদিক ছিদ্দিকী কাপ্পানে ২৩ মাহৰ মূৰত উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰিছে। 

ছিদ্দিকী কাপ্পনে দাখিল কৰা জামিন আবেদনৰ শুনানি শুকুৰবাৰে গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ইউ ইউ ললিতৰ নেতৃত্বৰ এখন বিচাৰপীঠে শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ে কাপ্পনক জামিনত মুকলি কৰি দিবলৈ সন্মত হয়।

হাথৰাছ কাণ্ডৰ পিছতে জনসাধাৰণক উচটনি দিয়াকে ধৰি কেইবাটাও অভিযোগত গ্ৰেপ্তাৰ হোৱা সাংবাদিক ছিদ্দিকী কাপ্পনৰ পৰা কোনো বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই বুলি জানিব পৰাৰ পিছতে তেওঁক জামিন প্ৰদান কৰে।

উল্লেখ্য যে ২০২০ চনত বহু চৰ্চিত উত্তৰ প্ৰদেশৰ হাথৰছত এগৰাকী দলিত ছোৱালীৰ লগত হোৱা গেং ৰেপৰ ঘটনাৰ সবিশেষ বাতৰি পৰিৱেশন কৰিবলৈ ঘটনাস্থললৈ যোৱাৰ সময়তে কাপ্পনক গ্ৰেপ্তাৰ কৰিছিল। সেই বছৰৰে অক্টোবৰৰ পৰা কাপ্পন কাৰাগাৰত বন্দী হৈ আছে।