সোণাৰিত দলবব্ধ ধৰ্ষণৰ ঘটনা।পাঁচ পাষণ্ডই ধৰ্ষণ কৰিলে এগৰাকী নাবালিকাক।সোণাৰিৰ নামতোলা আৰক্ষী থানাৰ অন্তৰ্গত টাওকাক চাহ বাগিচাত সংঘটিত হৈছে এই জঘন্য ঘটনা।অভিযুক্ত পাঁচ পাষণ্ডক আটক কৰি জেললৈ প্ৰেৰণ কৰিলে নামতোলা আৰক্ষীয়ে।আটকাধীন পাষণ্ড কেইটা হ'ল গোপাল মূড়া, প্লানটুকা ওৰাং, সোনটো গগৈ, লেড়িয়া সৰকাৰ আৰু নিৰ্মল এক্কা।

তথ্য অনুসৰি টিঙ্গালীবাম চাহ বাগিচাৰ নাবালিকাগৰাকী নামতোলাৰ লাহদৈগড়স্থিত বায়েকৰ ঘৰত ফুৰিব আহিছিল বৃহস্পতিবাৰে দিনৰ ভাগতে। কিন্তু ৰাতি প্ৰায় চাৰে দহমান বজাত টাওকাক চাহ বাগিচাত গাওঁৰক্ষী বাহিনীয়ে নাবালিকাগৰাকীক উদ্ধাৰ কৰি সুধপোছ কৰাত পাঁচটা পাষণ্ডই অপকৰ্ম কৰা বুলি জানিবলৈ দিয়ে। পৰৱৰ্তী সময়ত নামতোলা আৰক্ষী থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে আটাইকে আটক কৰিবলৈ সক্ষম হয়। ইতিমধ্যে নামতোলা আৰক্ষীয়ে আটাইৰে বিৰুদ্ধে POSCO আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে ।