বিলাসীপাৰাৰ মহকুমাৰ অন্তৰ্গত পুঠিমাৰীত ব্ৰহ্মপুত্ৰ নদীত নাঁও খেলৰ গইনা লৈ চলি আছিল ৰমৰমীয়া জুৱাৰ আড্ডা। 

👉তিনিদিন ধৰি পুঠিমাৰীত ব্ৰহ্মপুত্ৰ নদীত পাৰত দিনে নিশাই চলি আছিল এই জুৱা খেল।

👉নাওখেল পৰিচালনা সমিতিৰ উদ্যোগতে জুৱা খেল আয়োজন কৰাৰ অভিযোগ।

👉 জুৱাৰ বিৰুদ্ধে মহকুমা আৰক্ষীৰ বিষয়া বিৰিঞ্চি বৰাৰ নেতৃত্বত শালকোচা উপ আৰক্ষী সহযোগত চলায় এক অভিযান। 

👉 অভিযানত আৰক্ষীক প্ৰতিহতৰ চেষ্ঠা জুৱাৰীৰ। 

👉 অভিযানত আৰক্ষীয়ে জুৱাৰ সামগ্ৰী সহ ৮ জুৱাৰীক আটক কৰিবলৈ সক্ষম হয়। 

👉 আটকাধীন জুৱাৰী ক্ৰমে ৰহাম আলী, আজাদ আলী, ৰফিকুল ইছলাম, মহিৰুদ্দিন, ছাহ জামাল, আবু বক্কৰ আলী, ছৈয়ৱ আলী আৰু কাঞ্চুমিঞা সেখ বুলি জানিব পৰা গৈছে।