'মই সাহিত্য সভাৰ সভাপতি হোৱাৰ সপোন দেখা নাছিলোঁ । ৰাইজৰ দাবীৰ বাবেহে সাহিত্য সভাৰ সভাপতিৰ পদত নামিবলৈ বাধ্য হৈছোঁ ।' এই মন্তব্য কৰিছে বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে । বৃহস্পতিবাৰে মৰাণত মৰাণ শাখা সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ড° অনিল শইকীয়াৰ দ্বাৰা সম্পাদিত লেখিকা ইলা বৰগোহাঁই ৰচনাৱলী উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিয়ে আৰু কয় যে ৰাইজে নখ জোকাৰিলে নৈ বয় । ৰাইজৰ দাবীতহে মই শিৰনট হৈ সভাপতি পদৰ বাবে আগবাঢ়িছোঁ । আজি ২০-২৫ বছৰে ৰাইজৰ এই দাবী উঠি আহিছে । এইবাৰ মই সেই দাবী মানি ল'ম বুলি সাহিত্যিক জনে স্পষ্ট ভাৱে উল্লেখ কৰে । তেওঁ লগতে কয় যে মই আশাবাদী, ৰাইজৰ আৰ্শীবাদ মোৰ লগত আছে, মেডিয়াৰ আৰ্শীবাদ মোৰ লগত আছে । সেয়ে সভাপতি হোৱাৰ আশা কৰিছোঁ । উল্লেখযোগ্য যে মৰাণ মহাবিদ্যালয় প্ৰেক্ষাগৃহত মৰাণ শাখা সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক জন্মদিৱস এই অনুষ্ঠানটোতে গীত মাতেৰে পালন কৰা হয় । মৰাণ শাখা সাহিত্য সভাৰ সভাপতি প্ৰশান্ত দত্তৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংছিৰ লগতে লোক সংস্কৃতিৰ সাধক ড° অনিল শইকীয়া, মৰাণ মহাবিদ্যালয়ৰ অধ্যক্ষা ড° মিতালী কোঁৱৰ, লেখক লুহিত কুমাৰ বৰাৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
रस्ते काँक्रीट मिक्सरच्या टायरखाली सापडून तरुण जागीच ठार
"पैठण तालुक्यातील नवगाव येथील घटना"
रस्ते काँक्रीट मिक्सरच्या टायरखाली सापडून तरुण जागीच ठार
"पैठण तालुक्यातील नवगाव येथील घटना"...
Panchkula में तैयार हो रहा देश का सबसे बड़ा रावण, लंबाई 171 फीट, बनाने में लगे 3 महीने | Aaj Tak
Panchkula में तैयार हो रहा देश का सबसे बड़ा रावण, लंबाई 171 फीट, बनाने में लगे 3 महीने | Aaj Tak
માં ભવાનીના પ્રાંગણમાં ગવાઈ રહેલી" માનસ: માતુ ભવાની" ત્રીજા દિવસની કથા મા માં ભવાનીના ગુણગાન
માં ભવાનીના પ્રાંગણમાં ગવાઈ રહેલી" માનસ: માતુ ભવાની" ત્રીજા દિવસની કથા મા માં ભવાનીના ગુણગાન
વિશ્વકર્મા મંદિર માર્ગ નામાભિમાન
"વટવામાં વિકાસની સદી"
વટવા વિધાનસભા વિસ્તારમાં આયોજિત ત્રિદિવસીય કાર્યક્રમ અંતર્ગત બીજા...