আজি বিশ্বনাথ শিক্ষাখণ্ডৰ অন্তৰ্গত প্ৰাথমিক শিক্ষাৰ অগ্ৰণী শিক্ষা অনুষ্ঠান চাৰিআলি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীযে বিশ্বনাথ চাৰিআলি নগৰ সন্মীলনী কেন্দ্ৰ সভাৰ উদ্যোগত আদৰ্শ শিক্ষক, স্বাধীন ভাৰতৰ প্ৰথম গৰাকী উপ- ৰাষ্ট্ৰপতি তথা ভাৰত ৰত্ন ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো ৬১ সংখ্যক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। চাৰিআলি নগৰ কেন্দ্ৰৰ সভাপতি সূৰ্য্য নাৰায়ণ পাণ্ডেৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন চাৰিআলি আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিবেশিত সমবেত সংগীতৰে শুভাৰম্ভ কৰে আৰু সভাখন আতধৰে সম্পাদক অঞ্জন বৰাই। আজিৰ সভাত ড০ সৰ্বপল্লী ৰাধাকৃষ্ণণ প্ৰতিচ্ছবি ত বন্তি প্ৰজ্বলন আৰু পুষ্পা ঞজলী অৰ্পন কৰে বিশ্বনাথ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা অৱসৰ প্ৰাপ্ত শিক্ষক প্ৰমোদ বৰঠাকুৰদেৱে । তেখেত শিক্ষকৰ দ্বায়িত্ব আৰু কৰ্তব্যৰ বিষয়ে বহল ভাৱে বাখ্যা আগবঢ়োৱাৰ লগতে বৰ্তমান চৰকাৰখনে শিক্ষাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ ওপৰত বক্তব্য ৰাখে। অনুষ্ঠান ভাগত নিৰ্দিষ্ট বক্তা হিচাপে আজিৰ সভাত উপস্থিত থাকে বিশ্বনাথ কৃষি মহাবিদ্যালয় জেষ্ঠ অধ্যাপক তথা সাহিত্যিক ড০ ৰত্ন কিংকৰ গোস্বামীয়ে। তেখেতৰ মন্তব্যত শিক্ষক দিৱসৰ কি, শিক্ষক দিৱস প্ৰয়োজনীয়তা, শিক্ষক হিচাপে বৰ্তমান সময়ত শিক্ষক মূল্যায়নৰ ওপৰত আলোকপাত কৰে আৰু শেষত তেওঁ এটি ভূপেন্দ্ৰ সংগীত পৰিবেশনৰে অনুষ্ঠানভাগ জীপাল কৰি তুলে। আজিৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলিৰ অৱসৰ প্ৰাপ্ত জেষ্ঠ আদৰ্শ শিক্ষক তথা বিশ্বনাথৰ বিশিষ্ট সমাজ সেৱক শিশু মহীয়ান জিতেন ভাগৱতীক কেন্দ্ৰৰ তৰফৰ পৰা এখন ফুলাম গামোচা, এখন শৰাই আৰু সম্বৰ্ধনা পত্ৰৰে শিক্ষক দিৱসৰ পৱিত্ৰ দিনটোত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হয়। আজিৰ সভাখনত উপস্থিত থাকে অৱসৰ প্ৰাপ্ত শিক্ষক অকন হাজৰিকা, ফটিক বৰা, মদিনা খাতুন, প্ৰণালী ডেকা, অজিত চৰকাৰ , দুলুমনি কলিতা পদ্মেশবৰ কুৰ্মী আদি কৰি বিভিন্ন বিদ্যালয়ৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰী সকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાભર શહેર માં કોંગ્રસની ભવ્ય મહારેલી માં જનમેદની ઉમટી
ભાભર શહેર માં કોંગ્રસની ભવ્ય મહારેલી માં જનમેદની ઉમટી
મુંબઇના યુવાનો માતાના મઢ દર્શન કરવા માટે સાયકલ યાત્રા યાત્રાથી પહોંચશે
#buletinindia #gujarat #navsari
সোণাৰিৰ নামতোলাত প্ৰশাসনৰ উচ্ছেদ অভিযান
সোণাৰিৰ অসম নগালেণ্ড সীমান্তৰ নামতোলাত প্ৰশাসনৰ উচ্ছেদ অভিযান।নামতোলা হাতীকেম্পত চৰকাৰী মাটিত ভোগ...
ममता के दूसरे लेटर पर केंद्र का जवाब:रेप मामलों में फांसी का प्रावधान पहले से है
केंद्र सरकार ने शुक्रवार को बंगाल की मुख्यमंत्री ममता बनर्जी की ओर से प्रधानमंत्री नरेंद्र मोदी...
ಕೆಂಪೇಗೌಡ ಏರ್ಪೋರ್ಟ್ ನಲ್ಲಿ
₹48 ಲಕ್ಷ ಮೌಲ್ಯದ ಚಿನ್ನ ವಶಕ್ಕೆ ಪಡೆದ ಕಸ್ಟಮ್ಸ್ ಅಧಿಕಾರಿಗಳು
ವಿದೇಶಗಳಿಂದ ಅಕ್ರಮವಾಗಿ ಬೆಂಗಳೂರಿಗೆ ಸಾಗಿಸುತ್ತಿದ್ದ 2 ಪ್ರತ್ಯೇಕ ಪ್ರಕರಣಗಳನ್ನು ಬೆಂಗಳೂರಿನ ಕೆಂಪೇಗೌಡ...