অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগ আৰু মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিদ্যালয় সমূহৰ পৰিদৰ্শকৰ সহযোগত আনন্দৰাম বৰুৱা বঁটা ২০২২ আৰু মানপত্ৰ বিতৰণ অনুষ্ঠান মৰিগাঁও জিলা পুথিভড়াঁল পেক্ষাগৃহতো অনুষ্ঠিত হয়। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিতহৈ অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই জিলাখনৰ মুঠ ৬৩৭ জন ছাত্ৰছাত্ৰীৰ ৭ গৰাকীক ক্ৰমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত স্থান লাভ কৰা দুই কৃৰ্তীমানবিদিশা নাথ, কৌস্তভজ্যোতি নাথৰ লগতে মাধুৰ্য্যপ্ৰতীম নাথ, প্ৰজ্ঞান নাথ, আকাশ বৰা, কাব্যিকা বৰদলৈ, চৈয়দ নাজমুল হকক মানপত্ৰ প্ৰদান কৰে। মানপত্ৰ বিতৰণ কৰি মন্ত্ৰী কেশৱ মহন্তই কয়যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যৰ শিক্ষাখণ্ডৰ আমুল পৰিবৰ্তন হৈছে। এইবাৰ শিক্ষাখণ্ডৰ আৰু অধিক উন্নয়নৰ লক্ষ্যৰে সকলো শিক্ষানুষ্ঠানৰ সামগ্ৰীক উন্নয়নৰ বাবে দহ হেজাৰ কোটি টকা ধাৰ্য্য কৰা বুলিও উল্লেখ কৰে মন্ত্ৰী কেশৱ মহন্তই । অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে উপায়ুক্ত দেৱাশীষ শৰ্মাই। বঁটা প্ৰদান অনুষ্ঠানৰ উদ্দেশ্য বাখ্যা কৰি বিদ্যালয়সমূহৰ পৰিদৰ্শিকা বুলি গগৈ ভূঞাই মৰিগাঁও জিলাৰ মেধাবী ছাত্ৰছাত্ৰীসকলক শুভেচ্ছা জনোৱাৰ লগতে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ জীৱন সৰ্ম্পকে ছাত্ৰছাত্ৰীক অৱগত কৰে । সভাত বিধায়ক ৰমাকান্ত দেউৰীয়েও ভাষণ দি মৰিগাঁৱৰ ছাত্রছাত্ৰীসকলক আৰু অধিক সুখ্যাতি অৰ্জণৰ আহ্বান জনাই । ছাত্ৰছাত্ৰী, অভিভাৱক আৰু শিক্ষক শিক্ষয়িত্ৰীৰে ভৰপুৰ জিলা পুথিভড়াঁল প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰীয়ে কলাক্ষেত্ৰত আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি দিয়া ভাষণৰ পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
উগ্ৰপন্থী সংগঠনে স্বাধীনতা দিৱস উদযাপন বৰ্জনৰ আহ্বানত সতৰ্ক হৈ পৰিছে অসম
উগ্ৰপন্থী সংগঠন - ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্ট অৱ আছম (উলফা) - ইণ্ডিপেণ্ডেণ্ট (আই) আৰু নেশ্যনেল...
ભારતીય જનતા પાર્ટીના 44 સ્થાપના દિનની ઉજવણી કરચેલીયા ખાતે કરવામાં આવી
મહુવા તાલુકાના કરચેલીયા ગામે 170 મત વિસ્તારના ધારાસભ્ય મોહનભાઈ ઢોડીયાની ખાસ ઉપસ્થિતિ વચ્ચે ભારતીય...
દિયોદર પ્રા,શાળા નંબર બે વિદ્યાર્થીઓ લીધી બનાસ ડેરી ની મુલાકાત..
દિયોદર પે.કેન્દ્ર શાળા નંબર બે ના આચાર્યશ્રી ભદ્રસિંહ ના માર્ગદર્શન હેઠળ ધોરણ એક થી આઠ ના તમામ...
વડોદરા શહેરના દાંડિયાબજાર વિસ્તારમાં ભાજપા દ્વારા મેરેથોન દોડનું આયોજન કરવામાં આવ્યું
વડોદરા શહેરના દાંડિયાબજાર વિસ્તારમાં ભાજપા દ્વારા મેરેથોન દોડનું આયોજન કરવામાં આવ્યું
Lok Sabha Election में Misa Bharti के सामने Ram Kripal Yadav की चुनौती, किसकी दावेदारी मज़बूत (BBC)
Lok Sabha Election में Misa Bharti के सामने Ram Kripal Yadav की चुनौती, किसकी दावेदारी मज़बूत (BBC)