দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত খাৰুপেটীয়াৰ মৃৎশিল্পী - উৎসাহ বৃদ্ধি পাইছে মৃৎশিল্পীৰ

সমাগত দূৰ্গা পূজা ।  মাজত মাত্ৰ কেইটামান দিন বাকী । ব্যস্ত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ  মৃৎশিল্পী  সকল । দৰঙৰ খাৰুপেটীয়াতো দেখা গৈছে ‌ একেই পৰিবেশ ।  ব্যস্ত হৈ পৰিছে মৃৎশিল্পীৰ লগতে পৰিয়ালৰ সদস্য ‌সকল  ।  কোভিড সৃষ্ট পৰিবেশৰ বাবে বিগত  দুটা বছৰ ব্যাপক লোকচানৰ সন্মুখীন হোৱা খাৰুপেটীয়াৰ   মৃৎশিল্পী দিলীপ পালে এইবেলি দুগুণ উৎসাহেৰে   অৰ্ডাৰ অনুসৰি সৰু বৰ আকাৰৰ ৩৭ টাকৈ  প্ৰতিমা নিৰ্মাণ কাম দিনে নিশাই  অব্যাহত ৰাখিছে । শিল্পী জনৰ এই কাৰখানাত এইবাৰ অৰ্ডাৰ মতে  ২০-২৫ হাজাৰৰ পৰা ৭০-৮০ হাজাৰ টকীয়া অজন্তা  টীমৰ   দেৱী দুৰ্গাৰ  প্ৰতিমা নিৰ্মাণৰ কাম -৮-৯  জনকৈ শ্ৰমিককে দিনে নিশাই অব্যাহত ৰাখিছে ।  বিভিন্ন সা সামগ্ৰীৰ মূল্য বৃদ্ধিৰ সমান্তৰালকৈ এইবাৰ বৃদ্ধি পাইছে প্ৰতিমাৰ দাম । যাৰ বাবে  দুগুণ উৎসাহেৰে  ব্যস্ত হৈ পৰিছে ৩৭ টাকৈ  দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ কামত   । অপেক্ষা মাথো অন্তিম পৰশলৈ । উল্লেখযোগ্য  যে  প্ৰতিমা নিৰ্মানৰ জৰিয়তে পৰিয়ালৰ  পোহপাল দিয়া এই মৃৎশিল্পী সকলে  আজিলৈ নাপালে চৰকাৰী কোনো ধৰণৰ  সহায় সাহায্য । ।