সদ্য ঘোষিত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫% বা তাতোধিক নম্বৰপ্ৰাপ্ত বিশ্বনাথ জিলাৰ সৰ্বমুঠ ৪৫৩ গৰাকী মেধাৱী ছাত্ৰ ছাত্ৰীক আজি আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰা হয়। বিশ্বনাথৰ কমলাকান্ত নাট্য সমাজ প্রেক্ষাগৃহত অনুষ্ঠিত হোৱা এই বটাঁ প্ৰদান অনুষ্ঠানত সদ্য ঘোষিত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পয়সত্তৰ শতাংশ বা তাতোধিক নম্বৰপ্ৰাপ্ত মেধাৱী ছাত্র-ছাত্রীৰ প্রতিগৰাকীলৈ ১৬,০০০/-(ষোল্ল হাজাৰ) টকাকৈ এই বটাঁ প্ৰদান কৰা হয়।উল্লেখ্য যে, ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি বিশ্বনাথ জিলা প্ৰশাসন আৰু মাধ্যমিক শিক্ষা বিভাগৰ যৌথ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে প্ৰদান কৰা এই বটাঁ প্ৰদান অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থাকি বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডীন ড০ ৰণেন্দ্ৰ নাথ বৰ্মনে পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ জীৱন আৰু কৃতিৰ ওপৰত নাতিদীৰ্ঘ ভাষন প্ৰদান কৰি অতি কম জীৱন আয়ুসত তেখেতে আগবঢ়াই যোৱা বিৰল সৃষ্টিৰ কথা উল্লেখ কৰে আৰু মেধাৱী ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে ৰাজ্য চৰকাৰে এনে দৰে বঁটা প্ৰদান কৰি অহা কাৰ্য প্ৰশংসনীয় আখ্যা দি ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলৰ জ্ঞান বিকাশৰ যাত্ৰাক উৎসাহিত কৰিব বুলি মন্তব্য কৰে।

বিশ্বনাথৰ মণ্ডল সমন্বয়ক অঞ্জন বৰাই আঁত ধৰা আৰু জাতীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত প্ৰাৰম্ভতে আনন্দৰাম বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ সহযোগী ডীন ড০ ৰণেন্দ্ৰ নাথ বৰ্মন আৰু অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক ড০ সুৰ্যকমল বৰাই। বিশ্বনাথৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেই আদৰনি ভাষন প্ৰদান কৰা এই বঁটা প্ৰদান অনুষ্ঠানত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ বিশিষ্ট অতিথিৰূপে উপস্থিত থাকি কৃতি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি ৰাজ্য চৰকাৰে গ্ৰহন কৰি অহা এনে পদক্ষেপে শৈক্ষিক জ্ঞান আহৰণত সহায়ক হব বুলি উল্লেখ কৰে।এই অনুষ্ঠানত বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা মিছন সমন্বয়ক ড০ সুৰ্যকমল বৰা, বিশ্বনাথ আৰু বিহালী খণ্ড প্ৰাথমিক শিক্ষা বিষয়াদ্বয় ক্ৰমে কৰুণাকান্ত ভট্ট আৰু নৱৰত্ন কাকতি আদিও উপস্থিত থাকে। 

অনুষ্ঠানত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰা আনন্দৰাম বৰুৱা বঁটা প্ৰদানৰ কেন্দ্ৰীয় অনুষ্ঠানৰো

লাইভ প্ৰদৰ্শন কৰা হয়।  

আজিৰ এই বটাঁ প্ৰদান অনুষ্ঠানত জিলাখনৰ তিনিটাকৈ শিক্ষাখণ্ডৰ ছয় গৰাকী ছাত্ৰ ছাত্ৰীক প্ৰতিনিধিত্বমূলকভাৱে বটাঁ প্ৰদান কৰাৰ পিছতে এই বঁটাৰ বাবে নিৰ্বাচিত জিলাখনৰ মুঠ ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ বেংক একাউন্টযোগে নিৰ্দিষ্ট ধনৰাশি আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। বিশ্বনাথ জিলাৰ বিশ্বনাথ শিক্ষা খণ্ডৰ ১৫৩ গৰাকী, ছয়দুৱাৰ শিক্ষা খণ্ডৰ ২৫০ গৰাকী আৰু বিহালী শিক্ষা খণ্ডৰ ৫০ গৰাকীকে ধৰি বঁটা প্ৰাপক মুঠ ৪৫৩ গৰাকী ছাত্ৰ-ছাত্ৰীক ষোল্ল হাজাৰ টকাকৈ

সৰ্বমুঠ ৭২,৪৮,০০০ টকা একাউন্টযোগে প্ৰদান কৰা হয়।