যোৰহাট জিলা প্ৰশাসন আৰু শিক্ষা বিভাগ,যোৰহাটৰ উদ্যোগত আজি শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী পুঁথিভড়ালৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকললৈ আগবঢ়োৱা হয় "আনন্দৰাম বৰুৱা বঁটা"। উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনৰ শীৰ্ষ স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী কেইজনৰ লগতে ষ্টাৰ আৰু ডিষ্টিংশ্যন প্ৰাপ্ত কেইবাজনো ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে প্ৰশংসাপত্ৰ প্ৰদান কৰে৷ উল্লেখ্য যে, জিলাখনৰ মুঠ ১১২৩ গৰাকী মেধাবী ছাত্ৰ-ছাত্ৰীয়ে বঁটা হিচাপে আজি ১৬০০০ কৈ টকা পাবলৈ সক্ষম হৈছে৷ ষ্টাৰ নম্বৰ আৰু তাতকৈ অধিক নম্বৰ লাভ কৰা তথা প্ৰতিজন কৃতিত্ব সহকাৰে উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে অনলাইনযোগে বেংক একাউন্টত উক্ত টকা লাভ কৰিছে৷ মন্ত্ৰীগৰাকীয়ে ভাষণত আজিৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলৈ পাই অতিশয় আনন্দিত হোৱা বুলি জানোৱাৰ লগতে সকলো ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱককে শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে৷ মন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰে শৈক্ষিক উৎকৰ্ষ সাধনৰ উদ্দেশ্যে এক বৃহৎ ধনৰাশি ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলাই দিছে৷ সেয়া সু-প্ৰয়োগ হোৱা উচিত৷ প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে দেশৰ একোজন সু-নাগৰিক হ'বলৈ চেষ্টা কৰিবলৈও মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচাই অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰি প্ৰকৃত মানব সম্পদ গঢ়ি তোলাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিবলৈ শিক্ষক শিক্ষয়িত্ৰীসকলক আহ্বান জনায়৷ জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ভাষণ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীসকলক সদায় সততা আৰু নিষ্ঠাৰে নিজৰ পথত আগবাঢি যাবলৈ পৰামৰ্শ দিয়ে৷ নিজকে কাৰো লগত তুলনা নকৰাকৈ আৰু মাক-দেউতাকক যিকোনো বস্তু লাগে বুলি হেঁচা প্ৰয়োগ নকৰি নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিবলৈ কোৱাৰ লগতে শিক্ষাগুৰু আৰু পিতৃ-মাতৃক সদায় শ্ৰদ্ধা ভক্তি কৰিবলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়৷ অনুষ্ঠানত দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন ভৰালী, মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ, বিদ্যালয়সমূহৰ পৰিদৰ্শক শুভলক্ষ্মী ৰাজকুমাৰীৰ লগতে জিলা প্ৰশাসন আৰু শিক্ষা বিভাগৰ বিষয়া কৰ্মচাৰীসল আৰু জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহুসংখ্যক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল উপস্থিত থাকে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
18 से 27 नवम्बर का मौसम,देश में भीषण बारिश ओलावृष्टि, बंगाल की खाड़ी में चक्रवाती तूफान।।
18 से 27 नवम्बर का मौसम,देश में भीषण बारिश ओलावृष्टि, बंगाल की खाड़ी में चक्रवाती तूफान।।
जगद्गुरु नरेंद्र महाराज नानिज धाम यांचे रविवारी पादुका दर्शन सोहळा - श्री गुरुदेव !
औरंगाबाद : दि.७ ऑक्टों.(दीपक परेराव)अनंत श्री विभूषित जगद्गुरु रामानंदाचार्य श्री स्वामी...
Weather Updates: दक्षिण भारत में बारिश, उत्तर में बढ़ी ठिठुराने वाली ठंड, जान लें मौसम का हाल
भारत में मौसम तेजी से बदल चुका है. कुछ समय पहले भारी बारिश थी, तो उत्तर भारत में ठंड अब न सिर्फ...
Gujarat દારૂ બંદી કાગળ ઉપર.. પણ પુલિસ દ્વારા હપ્તા લઈને દારૂની પરમિશન આપવાનો રિવાજ સતત હપ્તા નો મળે ત્યારે રેડ થાય, (સત્ય કડવું હોય છે)
અમદાવાદ : નારોલ ખાતે થી 1140 અંગ્રેજી શરાબ ની બોટલો સાથે ત્રણ બુટલેગર ઝડપાયા
-...