গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰাৰ ফলত গাঁওবাসী বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ ইয়াৰ মাজতে মঙলবাৰে পুঁৱতি নিশা ধূপধৰাৰ খেকাপাৰা গাঁৱৰ সমীপৰ পূৱ গাঠিয়াপাৰা গাঁৱত এটা অকলশৰীয়া বনৰীয়া হাতী প্ৰৱেশ সন্ত্ৰাস সৃষ্টি কৰে ৷ জানিব পৰামতে বনৰীয়া হাতীটোৱে গাঁৱখনৰ কেবাটাও পৰিয়ালৰ ক্ষতিসাধন কৰাৰ উপৰি গোপীনাথ ৰাভা আৰু ৰবীন  নামৰ লোক দুজন ব্যাপক ক্ষতিসাধন কৰে ৷ হাতীটোৱে ঘৰ ভাঙি ধান চাউল খাই তহিলং কৰাৰ উপৰি বাৰীৰ কলগছ, তামোল গছ আদি ভাঙি ক্ষতিসাধন কৰে ৷ বনৰীয়া হাতীটো ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ পিচতে পৰিয়াল দুটাৰ লোকসকল ঘৰৰ পৰা কথমপি দৌৰি প্ৰাণ ৰক্ষা কৰে ৷পিচত অৱশ্যে ৰাইজে বনৰীয়া হাতীটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷