অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ আহ্বান মৰ্মে ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকলৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত ইতিমধ্যে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়েও গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে৷ আন্দোলনৰ প্ৰথম কাৰ্যসূচী অনুসৰি প্ৰাথমিক বিদ্যালয়সমূহৰ শিক্ষকসকলৰ স্বাক্ষৰ অভিযানৰ অংশ হিচাপে পবিত্ৰ শিক্ষক দিৱসৰ দিনাই ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে চৰাইদেউ জিলা প্ৰাথমিক শিক্ষক সন্মিলনীয়েও ডাক যোগে দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী লৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে৷ চৰাইদেউ জিলা শিক্ষক সন্মিলনীৰ সভাপতি দীননাথ পাংগিং আৰু সম্পাদক ৰতন গগৈৰ স্বাক্ষৰিত স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি, যোৱা ৬ আগষ্টৰ সভাৰ সিদ্ধান্ত অনুসৰি, অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘই এলানি আন্দোলন কাৰ্যসূচী ঘোষণা কৰিছিল৷ সংঘই উল্লেখ কৰা দাবীসমূহৰ ভিতৰত পুৰণি পেঞ্চন নীতি বাহাল ৰখা, সকলো প্ৰকাৰৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰা, ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ২০২০ত থকা শিক্ষক বিৰোধী সকলো দফা প্ৰত্যাহাৰ কৰা, দেশৰ সকলো ৰাজ্যতে সপ্তম দৰমহা বিধি প্ৰয়োগ কৰা, বিধি অনুসৰি দৰমহা আদায় দিয়া আৰু শিক্ষাত ব্যক্তিগত ৰাজহুৱা অংশীদাৰিত্বৰ আঁচনি প্ৰয়োগ বন্ধ কৰা আদি৷ আনহাতে সংঘই ৰাজ্যত ৰূপায়ণ কৰা কাৰ্যসূচীসমূহ হ’ল ক্ৰমে অহা ২০ ছেপ্টেম্বৰত ৰাজ্যৰ সকলো জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালত দিনৰ ১২ বজাৰ পৰা ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰকপত্ৰ প্ৰদান কৰা, ১৫ নৱেম্বৰত প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ সন্মুখত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে স্মাৰকপত্ৰ প্ৰদান আৰু অহা জানুৱাৰী মাহত সংসদৰ বাজেট অধিৱেশনত নতুন দিল্লীত এদিনীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
संत सेवालाल महाराज सेवाध्वज रथयात्राचे औरंगाबाद शहरात आगमन.
संत सेवालाल महाराज सेवाध्वज रथयात्राचे औरंगाबाद शहरात आगमन.
পানেৰীত শ্বহীদ স্থলীত অষ্ট শ্বহীদক সোঁৱৰণআদিবাসী ছাত্ৰ সন্থাৰ#news24update#dimakuchi #news #views
পানেৰীত শ্বহীদ স্থলীত অষ্ট শ্বহীদক সোঁৱৰণআদিবাসী ছাত্ৰ সন্থাৰ#news24update#dimakuchi #news #views
AAP सरकार की गलत नीतियों से पंजाब में निवेश में 85 फीसदी की गिरावट के कगार पर ,यह खतरे की घंटी: चुघ
भाजपा के राष्ट्रीय महासचिव तरूण चुघ ने भगवंत मान के नेतृत्व वाली आप सरकार के राज्य का शासन...
Tawang's first ever motorcycle expedition by Indian Army
Tezpur : The unique and first of its kind expedition in Tawang started with latest Motorcycles...