দৰঙৰ ধুলাৰ পৰা টাংনী চাহ বাগিচা-ওঝাগাও হৈ খাৰুপেটীয়ালৈ যোৱা পথত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতে জলাকলা খুৱাইছে পথচাৰীক । টাংনী নদীৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলং ‌আৰু পথচোৱা আনুষ্ঠানিক ভাৱে মুকলি হোৱাৰ পূৰ্বে ঠায়ে ঠায়ে খহি পৰিছে পথ । সৃষ্টি হৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত । প্ৰকাণ্ড প্ৰকাণ্ড গাতে ব্যাহত কৰিছে যাতায়ত । একমাত্ৰ ‌ ঠিকাদাৰৰ হেমাহিৰ বাবেই প্ৰায়েই পথচোৱাত সংঘটিত হৈছে সৰু বৰ দুৰ্ঘটনা । প্ৰায় এক কিলোমিটাৰ পথৰ ঠায়ে ঠায়ে সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাতে উদঙাই দিছে কোটি কোটি টকা ব্যয় সাপেক্ষে ‌নিৰ্মান পথৰ কামৰ নমুনা । পথচোৱা চৰজমিন তদন্ত কৰি ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যবস্থা গ্ৰহণ কৰাৰ বাবে অসম চৰকাৰৰ লগতে স্থানীয় বিধায়কক দাবী জনাইছে ৰাইজে ।