উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে আজি অৰ্থনৈতিকভাৱে দুৰ্বল(ই ডব্লিও এছ) লোকসকলৰ বাবে সংৰক্ষণৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই তৰা গোচৰসমূহ গ্ৰহণ কৰে। মুখ্য ন্যায়াধীশ ইউ ইউ ললিত, ন্যায়াধীশ দীনেশ মহেশ্বৰী, ন্যায়াধীশ এছ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ বেলা এম ত্ৰিবেডী আৰু ন্যায়াধীশ জে বি পৰ্ডিৱালাক লৈ গঠিত সাংবিধানিক বিচাৰপীঠে আজি ইয়াৰ শুনানি কেতিয়াৰ পৰা আৰম্ভ তথা শেষ কৰিব তাৰ টাইম লাইন ঠিক কৰে। সেই অনুসৰি অহা ১৩ ছেপ্টেম্বৰৰ পৰা শুনানি আৰম্ভ হ'ব।
উল্লেখ্য যে, ই ডব্লিও এছ সংৰক্ষণ নীতিৰ আধাৰত দেশৰ শিক্ষাৰ্থী সকলেও মেডিকেল, ইঞ্জনিয়াৰিং আদিকে ধৰি বহু উচ্চ শিক্ষা খণ্ডত নামভৰ্তি কৰি আহিছে। অসম চৰকাৰৰ কেবিনেটে ই ডব্লিও এছৰ ক্ষেত্ৰত সংজ্ঞা সলনি কৰি শিক্ষাৰ্থী সকলে যাতে অতি সহজেই ই ডব্লিও এছৰ প্ৰমাণ পত্ৰ লাভ কৰে তাৰ ব্যৱস্থা কৰিছিল।
 
  
  
  
  
   
  